মাঁক জগত জননীৰূপে আমি পূজো । কিন্তু তোমাৰ এইটো কি ৰূপ মাঁ? মইতো তোমাৰেই অংশ। তোমাৰ ভৰসাতেই এই জগত খনলৈ আহিছিলোঁ। মোৰ কণমানি দেহাটো চাই তোমাৰ অকণো বুকু কঁপি নুঠিলনে??তোমাৰ অকণো চকু সেমেকি নগলনে??? মই তোমাৰ কি অনিষ্ট কৰিছিলোঁ মাঁ??
All Posts

বুকুত বেদনাসিক্ত
এবুকু দুখ লৈ
আশা বোৰ
শুকান মৰহা পাতৰ দৰে
মৰহি যাৱ ধৰিছে।

হে নাৰী তুমি
ধৈৰ্য্যৰ এক অবিচল শৃংগ!
ত্যাগৰো বিশেষ আকৰ্ষণ;
ৰূপেৰে তুমি জগতৰ দীপ্তি;

হাতত ফুললৈ
এতিয়া আহিছা কিয় মোৰ কাষলৈ
অহাটো তোমাৰ বহুত দেৰিহৈ গ’ল
বহুত দেৰিহৈ গ’ল

ৰঙৰ উৎসৱৰ দিনত
তোমালৈ পৰিছে মনত,
ভালপোৱাৰ যি ৰং সানিলা হৃদয়ত
কলিজা উতলা হ’ল

সেই জীৱনৰ দিন বোৰেই আহিছো পাৰ কৰি
কৰ্মৰ বাদে জাৰ জহ বৰষুণ যি নেপায় চিনি
সহ্য ধৈৰ্য্য যুদ্ধই যাৰ আজন্ম সতেজ লগৰী
শোষণ নিষ্পেষণ নিপীড়নৰ যি অহৰ্নিশে বলি

জোনাক বিহীন এন্ধাৰ নিশা,
খিৰিকিৰ ফাঁকেৰে,
নিশব্দে দুৰ্স্বপ্ন বোৰ
কাষ চাপি আহে।