ৰঙৰ উৎসৱৰ দিনত
তোমালৈ পৰিছে মনত,
ভালপোৱাৰ যি ৰং সানিলা হৃদয়ত
কলিজা উতলা হ’ল
বসন্তৰ চিৰঞ্জীৱ নিকুঞ্জকাননত,
সেই ৰঙেৰে ৰঙীন আজিও বুকু,
সপোনেৰে ভৰপুৰ মোৰ দুচকু ।
তুমি নাহিলে বাৰু কেনেকৈ হ’ব ?
ৰঙৰ উৎসৱ মোৰ অথলে যাব!
এমুৰ পকা চুলিৰে মই
পকামুৰীয়া বুঢ়ী,
পকা থেকেৰা যেন গাল দুখনো
আজি সোতোৰা-সুতৰি,
কঁপা কঁপা হাতেৰেই ফাকু দিম সানি,
উভতি আহিব যৌৱনৰ ধেমালি ।
তুমি নাহিলে বাৰু কেনেকৈ হ’ব?
আয়ুস ৰেখাও বেদনাত চুটি হৈ যাব !
পাৰিলে আহিবা ৰং দিম বুলি,
আকৌ তেজগোৰা হ’ব
কোঁচখোৱা গাল দুখনি ;
খৰস্ৰোতা হ’ব ৰক্তবাহী নলী,
হোলী খেলিম আমি দুয়ো মিলি,
হাঁহি হাঁহি উৰিব ফাগুনৰ ধূলি,
হৃদয়ত ফুলিব নানাৰঙী গোলাপৰ পাহি ।
