অসমীয়া যুৱ সমাজ আৰু হান্সেই দৰ্শনৰ প্ৰয়োজনীয়তা

এটাৰ পাছত আনটো বিতৰ্কৰ যেন অন্তই নপৰে। কৰোনা মহামাৰীৰ ভয়াবহতাৰ মাজতো থলুৱাৰ মাটিৰ বেদখল আৰু চৰকাৰৰ উচ্ছেদন, বিক্ষোভকাৰীৰ আন্দোলন আৰু আক্রমণ, আৰক্ষীৰ প্ৰত্যাক্ৰমণ , হত্যাকলৈ ৰাইজৰ বিৰোধ আৰু সমৰ্থন, ৰাজনৈতিক নেতাসকলৰ প্ৰহসন, গো মাংসৰ ভক্ষণাভক্ষন, অবৈধ বিদেশী নাগৰিকৰ প্ৰবজন, লাভাম্বিত আঁচনিৰে ধৰ্মান্তৰণ, থলুৱাৰ সংৰক্ষণ, এইডছৰ ভয়াবহ সংক্ৰমণ, ড্ৰাগছৰ বিক্রী আৰু সেৱন,অংগ সৰবৰাহকাৰীৰ অপহৰণ, ভন্ড নেতাৰ আন্দোলন আৰু শেহতীয়াকৈ নাৰীৰ পিন্ধন উৰণৰ বিতৰ্কই অসমৰ বৌদ্ধিক, ৰাজনৈতিক আৰু প্ৰশাসনিক মহলৰ লগতে সংবাদ মাধ্যমত তোলপাৰ লগাই আছে । স্বভাৱত সৰল, এলেহুৱা আৰু আবেগিক প্ৰৱণ অসমীয়ালোকৰ দুৰ্বলতাৰ সুযোগ লৈ অতীজৰ পৰাই এচাম স্বাৰ্থান্বেষী ৰাজনৈতিক দল সংগঠনৰ নেতা-পালিনেতা, ভন্ড বুদ্ধিজীৱি আৰু দূৰ্নীতিগ্ৰস্ত সংবাদ মাধ্যমে ৰাজ্যখনৰ নাগৰিকক বিভ্ৰান্ত কৰি আহিছে । বেয়া এটাই লাগে সাম্প্ৰতিক সময়ত অসম আৰু অসমীয়াৰ জাতি,মাটি, ভেটি আৰু ভাষাটোৰ স্বাৰ্থত প্ৰকৃতাৰ্থত মাত মাতিবলৈ প্ৰয়াত ত্যাগবীৰ হেম বৰুৱা,অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱ আদিৰ দৰে জাতিটোক নিঃস্বাৰ্থভাৱে ভালপোৱা অভিভাৱক আমাৰ মাজত নাইয়েই বুলিব পাৰি। বৰ্তমান সময়ত যি দুই এজনে জাতিটোক হৃদয়ৰ পৰা ভাল পাই তেওঁলোকো নিৰুপায় । কাৰণ আজি অসমৰ সমাজব্যৱস্থা আৰু অসমীয়াৰ চিন্তাধাৰা এচাম মুক্ত ৰাজনৈতিক দালালৰ দ্বাৰা পৰিচালিত হ’ব ধৰিছে । সেই বাবেই এই পৰিস্থিতিত বহুতো সচেতক ব্যক্তিয়ে অনিচ্ছাসত্বেও নিজৰ কন্ঠৰুদ্ধ কৰি ৰাখিব বাধ্য হৈছে । কাৰণ সেই চাম লোকৰ চকুৰঠাৰত পৰিচালিত হোৱা সমাজখনৰ লোক সকলৰ বাবে তেওঁলোকৰ অভিমত মূল্যহীনবোধ হৈ পৰে।


বৰ্তমানে ঘটি থকা এই সকলোবোৰ কথা জাতিটোৰ অনাগত ভবিষ্যতৰ বাবে মুঠেও ইতিবাচক লক্ষণ নহয়। অদূৰদৰ্শী,অপৰিপক্ক অসাধু আৰু স্বাৰ্থলোভী এই নেতা সকলে ধৰ্ম, জাতি, উপজাতি,ভাষা আৰু বৰ্ণৰ আধাৰত অসমীয়া সমাজখনক বিভক্ত কৰি জাতিটোৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।ঈ পূৰ্বতেও তেনে এচাম লোকৰ অদূৰদৰ্শিতা আৰু নিজৰ ৰাজনৈতিক ক্ষমতালাভৰ হাবিয়াসৰ বাবে চুকাফাৰ বৰ অসমখন ভাঙি খন্ড খন্ড হৈ পৰিছিল । ফলঃত কাৰ্বি, বড়ো, তিৱা,মিচিং ৰাভা,হাচং, ডিমাচা অথৱা কছাৰী সকলে আজি নিজকে অসমীয়া বুলি পৰিচয় নিদি বৰঞ্চ নিজৰ জনজাতিৰ নাম কবলৈ ভাল পোৱা হ’ল।
কালক্ৰমত বৰ অসমৰ সকলো জাতি উপজাতিৰ উমৈহতীয়া সুৰীয়া ভাষাটোৰো আদৰ কমি আহিব ধৰিছে । আমাৰ জাতিটোৰ লোক সকলৰ মাজত ঐক্য আৰু সমন্বয়ৰ অভাৱৰ বাবেই প্ৰখ্যাত সমাজ বিজ্ঞানী তথা বৈষ্ণৱগুৰু শংকৰদেৱৰ আদৰ্শ আৰু দৰ্শনৰ লগতে অসম সাহিত্য সভাৰ দৰে মহান প্ৰতিষ্ঠানটোকো একচাম স্বাৰ্থলোভীয়ে ৰাজনীতি কৰণ কৰি পেলাব কুন্ঠাবোধ নকৰা হ’ল । এই সকলোবোৰৰ পৰিণতিতে দিনক দিনে আমাৰ ৰাজ্যখনৰ সামাজিক আন্তঃগাঁঠনি সোলোক ঢোলোক হৈ পৰিব ধৰিছে । আমাৰ এই অসহায় অৱস্থাৰ সুযোগ লৈ প্ৰতিবেশী দেশখনৰ পৰা হোৰাহোৰে প্ৰবজন কৰি থকা অত্যন্ত কষ্টসহিষ্ণু আৰু কৰ্মঠ বিদেশী সকলে সোৰোপা অসমীয়া জাতিৰ মাটি,ভেটি আৰু ভাষাটোও গ্ৰাস কৰি যাব ধৰিছে । ভুতৰ ওপৰত দানহ পৰাৰ দৰে মানব অংগ সৰবৰাহকাৰীৰ আৰু সৰবৰাহৰ ড্ৰাগছ মাফিয়াৰ কবলত ধনী,দুখীয়া, ডেকা বুঢ়া সকলো অসমীয়াই এফালৰ পৰা দাহ যোৱাৰ উপক্ৰম হৈছে । অথচ বৌদ্ধিক সমাজ আৰু সমাজ সচেতক সকল নিৰ্বাক নিৰ্বিকাৰ । তেওঁলোকৰ আকৌ বেছিভাগেই এতিয়া ব্যস্ত কিশোৰী এজনীয়ে কি পিন্ধি পৰীক্ষা দিব যাব, বজাৰত যাব, মন্দিৰত যাব, গীৰ্জাঘৰত যাব, মছজিদত,যাব ইত্যাদি ইত্যাদিবোৰত।

এইবোৰ টুলুঙা কথাত লাগি থাকিলে বাৰু জাতিটোৰ কিবা বিকাশ হ’বনে ?
বিগত পঞ্চাশ বছৰত অসমৰ ভৌগোলিক, ৰাজনৈতিক, সামাজিক দিশত কিমান পৰিবৰ্তন সেইবোৰৰ প্ৰতি কাৰোৱেই অকণো কানসাৰ নাই এই সকলো কথা সমূলি উলাই নকৰি তথ্য সহকাৰে বিশ্লেষণ কৰি শুধৰাই লোৱাৰ সময় আহি পৰিছে । নহলে অসম আৰু অসমীয়া জাতিটো ভবিষ্যতৰ ইতিহাসৰ মানচিত্ৰত চিহ্নিত হে হৈ ৰ’ব।
বৰ্তমানৰ উন্নত দেশ জাপানেও বহুতো ৰাজনৈতিক, প্ৰাকৃতিক আৰু সামৰিক আদি বিভিন্ন আভ্যন্তৰীণ আহুকালৰ সন্মুখীন হৈছিল। অনুমানিক প্ৰায় প্ৰায় পয়ত্রিশ হেজাৰ বছৰ আগতেই জাপানত মানব সভ্যতাৰ সূচনা হৈছিল । প্ৰায় দহ হেজাৰ বছৰ আগত জাপানত যমন নামৰ এটা চিকাৰীজীৱি সভ্যতা থকাৰ উমান পোৱা গৈছিল । কিন্ত ২৫০ খ্ৰীষ্টাব্দ মানতহে ইয়াৱৈ যুগত জাপান এখন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে মুৰ দাঙি উঠিছিল। পৰবৰ্তীকালত কফুন,নাৰা, হায়ান কামাকুৰা, মুৰোমাচি,আজুচি মোমোয়ামা,ইডো, মেজ্জি, টাচিও, চোৱা,ৰেৱা যুগৰ পৰা সাম্প্ৰতিক হেইচেই ৰাজনৈতিক যুগলৈ জাপানে বহু সংঘাতৰ সৈতে যুঁজ দি আহিছে । ১১৮৫ খ্ৰীষ্টাব্দৰ গামপে গৃহ যুদ্ধৰ পাছৰ পৰাই মংগোল, চীন, ৰাচিয়া আৰু পৰ্টুগীজৰ উপৰ্যুপৰি আক্রমণৰ পাছত ১৯৪৪চনৰ দ্বিতীয় বিশ্বযুদ্ধত জাপান একেবাৰেই বিধস্ত হৈ পৰিছিল । ইয়াৰ উপৰিও বিভিন্ন গৃহযুদ্ধৰে জৰ্জ্জৰিত সমগ্ৰ জাপান বহুবাৰ ভূমিকম্প,চুনামী আৰু বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰাও আক্ৰান্ত হৈছিল।

কিন্ত প্ৰখৰ বুদ্ধিমান আৰু কষ্টসহিষ্ণু জাপানীজ সকলে সময়ে সময়ে উদ্ভৱ হোৱা তেনেধৰনৰ সমস্যাবোৰ কম সময়ৰ ভিতৰতে সুকলমে সমাধান কৰিব পুনৰ বিকাশৰ দিশত অগ্ৰসৰ হৈছিল। জাপানে সেই সমস্যাবোৰ সমাধান কৰিবলৈ কেতিয়াও কঠোৰ আইন অথৱা বাধ্যতামূলক নীতি প্ৰণয়নৰ নাছিল । তাৰ পৰিবৰ্তে বিশেষ দৰ্শন অথৱা চিন্তাধাৰাৰে সেই সমস্যাবোৰ মষিমূৰ কৰাৰ চেষ্টা কৰিছিল। জাপানৰ প্ৰশাসনিক, শৈক্ষিক, সামাজিক,সামৰিক আৰু ৰাজনৈতিক সকলোবোৰ ক্ষেত্ৰই কিছুমান বিশেষ দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত আৰু প্ৰভাৱান্বিত । সেই কাৰণে সমাজৰ হিতৰবাবে শাসন ব্যৱস্থাই কিবা সংস্কাৰী সিদ্ধান্ত ললে চৰকাৰী অধিনিয়ম পালনৰ বাবে অধিসূচনা জাৰি কৰি আইনী ভয় দেখোৱাৰ প্ৰয়োজনবোধ নকৰে। সংঘটিত হৈ যোৱা প্ৰতিটো ঘটনা তথা দুৰ্ঘটনাৰ এক বিশেষ দৰ্শনৰ আলমত সমীক্ষা কৰি তাৰ আচল কাৰণ বিচাৰি উলিওৱাৰ চেস্তা কৰে । ভূলৰ সমীক্ষা কৰি শিক্ষা লোৱা জাপানীজ সকলৰ এই বিশেষ দৰ্শনটোকে “হান্সেই” বুলি কোৱা হয়। জাপানীজ শব্দ “হান্সেই ” দৰাচলতে দুটা ভিন্ন শব্দৰ সংযোজনহে। জাপানীজ শব্দ “হান” মানে হ’ল পৰিৱৰ্তন কৰা “চেই” মানে হ’ল বিশ্লেষণ কৰা । সংযোজিত শব্দ হান্সেই শব্দটোৰ অৰ্থ হৈছে বিশ্লেষণাত্মক ভাৱে শুধৰণি কৰা । এই দৰ্শনৰ আধাৰত জাপানীজ সকলে সংঘটিত হোৱা নিজৰ লগতে আনে কৰা ভূলকো গাপ দি নথৈ তথ্য সহকাৰে পূৰ্ণ বিশ্লেষণ কৰি সেই ভূলৰ কাৰণ আৰু তাৰ পুনৰাবৃত্তি নোহোৱাৰ উপায় নিৰ্ধাৰণ কৰি উলিয়াবলৈ প্ৰয়াস কৰে । জাপানীজ সকলে হান্সেই দৰ্শনক আত্মদৰ্শনৰ এক যোগাভ্যাস বুলিও অনুশীলন কৰে । তেওঁলোকে আনে কৰা ভুলৰ বিশ্লেষণ কৰাটোত সকলে বেছি গুৰুত্ব আৰোপ কৰে । কাৰণ আনে কৰা ভুলৰ প্ৰকৃত কাৰণ যদি উদ্ভাৱন কৰিব পৰা যায় তেন্তে সাম্ভাব্য বহুতো ক্ষতিৰ পৰা নিজক ৰক্ষা কৰিব পাৰি।

জাপানত হান্সেই দৰ্শন উদয় হোৱাৰ বহু বচৰ আগতেই খ্ৰীষ্টপূৰ্ব ৩০০ মানতে প্ৰখাত দাৰ্শনিক, কূটনৈতিকবিদ মগধৰ মহামন্ত্ৰী চানক্যই এই একেখিনি কথাই কৈছিল। কিন্ত্ত বুদ্ধিমান জাপানীজ সকলৰদৰে আমি আমাৰ দেশৰ অতীজৰ দৰ্শন আৰু চিন্তাধাৰাক আদৰ কৰিব নিশিকিলো । সেই কাৰণে বহু ক্ষেত্ৰত আমি সফল হব নোৱাৰিলো ।
জাপানীজ সকলে এই দৰ্শনজ্ঞানৰ জৰিয়তে আজিও তেওঁলোকৰ সকলোবোৰ ব্যক্তিগত আৰু সামাজিক সমস্যাৰ সমাধানৰ সূত্ৰ বিচাৰি লয়। আহকছোন আমিও এই দৰ্শনৰ জৰিয়তে আমাৰ সংঘটিত সকলো ভূল ক্ৰুটিৰ সমীক্ষা কৰি তাৰ সংশোধনৰ চেস্তা কৰো ।
হান্সেই দৰ্শন অনুযায়ী সংঘটিত হোৱা ভূলৰ পৰ্যালোচনা তলত দিয়া ক্রমে অনুশীলন কৰা হয়।

১ ৷ হান্সেই দৰ্শনে এজন ব্যক্তি অথৱা এখন সমাজে কৰা ভুলৰ বিশ্লেষণ কৰি তাৰ শুধৰণিৰ উপাই বিচাৰি লোৱাত সহায় কৰে। কিন্ত ব্যক্তি অথৱা সমাজ এখনৰ প্ৰথম কৰণীয়টো হ’ল সংঘটিত হোৱা ভূলটো অকপট ভাবে স্বীকাৰ কৰা। সংঘটিত হোৱা ভূলবোৰ গাপ দি ৰাখিলে অধিক লোকচান হোৱাৰ সম্ভাৱনা থাকে। হান্সেই দৰ্শন সাময়িক পৰ্য্যবেক্ষণ নহয়, ই এজন ব্যক্তি অথৱা সমাজৰ ভূল ক্ৰুটিৰ বোৰ শুধৰণি কৰি বিকাশৰ দিশত অগ্ৰসৰ হোৱা নিৰাধাৰ প্ৰক্ৰিয়া।


সেয়হে এটা ভুল সংঘটিত হলে তাৰ সমীক্ষাৰ বাবে সদায়েই ছটা ক’ৰ সহায় লব লাগে । সেই ক’ কেইটা হ’ল, কিয়, কি, কোন, ক’ত, কেতিয়া আৰু কিমান ।
ভূলৰ স্বীকাৰেই হৈছে শুধৰণিৰ প্ৰথম পৰ্যায় ।
২৷ পোনচাটেই নিজে কৰা কামখিনি একেবাৰে শুদ্ধ বুলি যুক্তিপ্ৰদৰ্শন কৰি নায্যতা প্ৰতিপন্ন কৰিব বিচৰাটো ভূল। এই কাৰ্য্যৰদ্বাৰা নিজৰ ভূল লুকুৱাবলৈ চেস্তা কৰাটোহে পৰিলক্ষিত হয় । চিধাই আনৰ ওপৰত দোষ জাপি নিদি নিজৰ ভূলৰ বাবে ব্যক্তিগত দায়িত্ব পালন কৰা উচিত। হান্সেই দৰ্শনত আনক তিৰস্কাৰ কৰা একেবাৰেই বাৰণ কৰা হৈছে । নিজে কৰা কাম খিনি বাবে নিজৰ দায়িত্ব স্বীকাৰ কৰি হৈ যোৱা ভূলৰ সমীক্ষা কৰিব লাগে। এই দৰ্শনত কাৰ বাবে ভুল হ’ল বুলি প্ৰশ্ন কৰিবলৈ উৎসাহ প্ৰদান নকৰে। তাৰ পৰিবৰ্তে মোৰ কি ভূল হ’ল বুলি প্ৰশ্ন কৰিবলৈহে উৎসাহ দিয়ে । এই প্ৰক্ৰিয়াটোকে আত্ম প্ৰতিফলন বুলি কোৱা হয় ।
সাহসিকতাৰে বিনাচৰ্তে ভূল ক্ৰুটিৰ দায়িত্ব মুৰ পাতি লোৱাটোৱেই হ’ল এজন ব্যক্তি তথা সমাজৰ ৰ আত্ম প্ৰতিফলনৰ প্ৰথম পদক্ষেপ।
৩ । অনুতপ্ততা হ’ল ভূল শুধৰণিৰ প্ৰথম প্ৰক্ৰিয়া । যিকোনো সিদ্ধান্তৰ সতে আৱেগিক হৈ পৰাটো মাৰাত্মক ভুল। আমি লোৱা সিদ্ধান্তবোৰ অন্তৰ্দৃষ্টিৰ আধাৰত সমীক্ষা কৰাটো অতি বাঞ্চনীয়। ধৰ্ম অথৱা কাৰোবাৰ হেঁচাত সেও মানি হোৱা শুধৰণিৰ স্থায়িত্ব নাই । হান্সেই দৰ্শনৰ উৎপত্তিৰ কেবা হেজাৰ বচৰ আগতেই ৰচিত শ্ৰীমদ্ভগৱদগীতাত উল্লেখিত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জ্জুনক সেই একেই খিনি দৰ্শন জ্ঞান দিছিল। এই পবিত্ৰ গ্ৰন্থখনৰ ষোল্ল অধ্যায়ৰ ষোল্ল সংখ্যক শ্লোকত প্ৰভু শ্ৰীকৃষ্ণই কৈছিল, সখা অৰ্জ্জুন, পৃথিৱীত মাত্ৰ জীৱই আছে। তাৰে এটা হ’ল দৈব্য গুন সম্পন্ন আৰু আনটো হ’ল দানবীয় প্ৰকৃতিৰ। স্বৰ্গ নিবাসী দেবতা সকল স্বভাৱজাত, ধীৰ,স্থিৰ, সৃষ্টিশীল, সংবেদনশীল আৰু পুন্য কৰ্মত ৰত । কিন্ত ইয়াৰ বিপৰীত ৰসাতলৰ দানববোৰআকৌ উশৃংখল স্বভাৱৰ, নিষ্ঠুৰ আৰু পাপকৰ্মৰ প্ৰতি অনুৰাগী। সত্য যুগত দেবতা সকল স্বৰ্গ আৰু দানৱ সকলে ৰসাতল নামৰ দুটা পৃথক গ্ৰহত নিবাস কৰিছিল । ত্ৰেতা যুগত দেবতা আৰু দানব একেটা গ্ৰহতে থাকিবলৈ লৈছিল । দ্বাপৰ যুগত আকৌ একটা পৰিয়ালতে দেবতা আৰু দানব জন্ম হবলৈ ধৰিছিল । পৰবৰ্তী কলিকালত একজন মানুহেই দৈব্য আৰু দানবীয় দুয়োটা গুন সম্পন্ন হৈ জন্ম পাব ধৰিলে। সেই বাবেই কলিৰ কালত এজন কচাই অথৱা চণ্ডালৰ অন্তৰতো মানবীয়তা দেখিব পোৱা যায় আৰু সৎ সংগত বিশ্বাস কৰা ধৰ্ম গুৰুও পাপ কৰ্মত লিপ্ত হৈ পৰা নিদৰ্শনো পোৱা যায় । সেই বাবেই মানুহে সঁচা-মিচা ,ভাল-বেয়া আদি কথাবোৰ আত্ম বিশ্লেষণ কৰি নিজক শুধৰাই ল’ব লাগে । নিজৰ সিদ্ধান্তৰ প্ৰতি আৱেগিক হৈ ভূল মানি নোলোৱাতকৈ অনুশোচনাৰ অগনিত নিজৰ ভূল ক্ৰুটি দাহন কৰি শুধৰণিৰ পথত খোজ পেলোৱাটোৱেই উত্তম নিৰ্ণয় হব।
৪ ৷ এজন ব্যক্তি অথৱা সমাজ যদি শুধৰণি তথা উন্নতিৰ বাবে নিজেই প্ৰতিশ্ৰুতিবদ্ধ হয় তেন্তে সেই ব্যক্তিজনক অথবা সমাজখন ৰ বাবে একো অন্তৰায় নাথাকে । মাত্ৰ মাজে সময়ে আমাৰ বিশ্বাস ব্যৱস্থাক প্ৰত্যাহ্বান জনাই আত্ম বিশ্বাসক সবল কৰি আত্ম বিশ্লেষণৰ দ্বাৰা আত্ম সংস্কৰণ কৰি কৰ্মত ব্ৰতী হৈ পৰিব লাগে। তেতিয়া সফলতাই আমাৰ পিছে পিছে ঘুৰি ফুৰিব।
যোৱা বহুকেইটা দশক ধৰি অসমৰ জনসাধাৰণৰ সৰলতাৰ সুযোগ লৈ বহুতেই হেতালি খেলিলে । বহুতো শিয়ালবুদ্ধিৰ স্বাৰ্থলোভীয়ে সমাজৰ অধিকাংশ লোকক কথাই কথাই আন্দোলন, প্ৰতিবাদ, ধৰ্মঘট,চকাবন্ধ, চান্দানীতি,সন্ত্ৰাসবাদ, দালালৰাজ আদি অনৈতিক কাৰ্য্যকলাপৰ প্ৰতি উচতনি দি ৰাজ্যখনৰ শৈক্ষিক, বৌদ্ধিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰ সমূহৰ পৰিবেশ বিনষ্ট কৰি পেলালে। সেই বাবে আজিৰ যুব সমাজে জাপানৰ হান্সেই দৰ্শনৰ দৰে প্ৰগতিশীল চিন্তাধাৰাৰে উদ্বুদ্ধ হৈ নিজৰ লগতে সমাজখন শুধৰাই নল’লে ভবিষ্যতে নিজক অসমীয়া বুলি চিনাকী দিবলৈও লাজ লগা দিন আহি পৰিব।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *