এটাৰ পাছত আনটো বিতৰ্কৰ যেন অন্তই নপৰে। কৰোনা মহামাৰীৰ ভয়াবহতাৰ মাজতো থলুৱাৰ মাটিৰ বেদখল আৰু চৰকাৰৰ উচ্ছেদন, বিক্ষোভকাৰীৰ আন্দোলন আৰু আক্রমণ, আৰক্ষীৰ প্ৰত্যাক্ৰমণ , হত্যাকলৈ ৰাইজৰ বিৰোধ আৰু সমৰ্থন, ৰাজনৈতিক নেতাসকলৰ প্ৰহসন, গো মাংসৰ ভক্ষণাভক্ষন, অবৈধ বিদেশী নাগৰিকৰ প্ৰবজন,
Author: চুমিন্দ্ৰ চৌধুৰী
১৯৬০ চনৰ ৫ নৱেম্বৰ তাৰিখে তেতিয়াৰ ছোভিয়েট দেশৰ এটা বাৰ’জনীয়া অভিযানকাৰী দল লেনিনগ্ৰাডৰ পৰা এন্টাৰ্কটিকা অভিমুখে যাত্রা কৰিছিল ৷ সেই বাৰ’ জনীয়া অভিযানকাৰী দলটোক নেতৃত্বাধীন কৰিছিল ডাঃ লিওনিড ৰোজোগভে ৷ চিকিৎসা বিজ্ঞানী ডাঃ ৰোজোগভক বাদে অভিযানটোৰ বাকী সদস্যসকল আছিল ৰসায়ন আৰু পদাৰ্থ বিজ্ঞানী ৷ সূদীৰ্ঘ ছমাহ ধৰি এন্টাৰ্কটিকাৰ বৰফৰ মাজত থকাৰ পাছত ১৯৬১ চনৰ মাৰ্চৰ শেষৰ ফালে অভিযানকাৰীৰ দলটোৱে প্ৰবল হিম প্ৰবাহৰ সন্মুখীন হ’ব লগীয়াত পৰিল ৷ ছমাহ মাহ ধৰি চলা সেই তুষাৰপাত ইমানেই ভয়াবহ আছিল যে এন্টাৰ্কটিকাস্থিত ছোভিয়েটদেশৰ গৱেষণাগাৰটো কেইবাফুট ডাঠ বৰফৰ তৰপেৰে ঢাকখাই পৰিছিল৷ ফলস্বৰূপে গৱেষণাগাৰটোৰ লগতে সংলগ্ন একমাত্ৰ অস্কিজেন উৎপাদনকাৰী প্লান্টোৰ ওপৰতে তেওঁলোকৰ জীৱনৰ নিশ্চয়তা নিৰ্ভৰ কৰিছিল৷
অভিনন্দনে তাৰ ৰুমৰ দুৱাৰখন খুলিয়েই দেখিলে সন্মুখত অচাৰাই হাতত এপাহ ৰঙা গোলাপ আৰু এটা লেফাফা লৈ ঠিয় দি আছে ৷ তাই মুখত মৰমলগা মিচিকিয়া হাঁহিটিৰে পুৱাৰ অভিবাদন জনাই তাৰ হাতত লেফাফাটো তুলি দি ক’লে, মহাশয় যোৱা ৰাতি হোৱা আপোনাৰ অসুবিধাখিনিৰ বাবে আমি দুঃখিত ৷ পুনৰ আপোনাৰ যাতে
তিনিজন নলে গলে লগা বন্ধু দিনটোৰ কৰ্ম ব্যস্ততাৰ অন্তত সদায়েই সন্ধিয়া মংগলদৈৰ পৰা কুৰুৱালৈ অহা বাছখন মৰমীচ’ক পোৱাৰ পাছতে লগালগি হয় ৷ তিনিজন বন্ধুৰ মাজৰে এজনৰ আকৌ মৰমীচ’কৰ নৰকান্ত দাদাহঁতৰ ঘৰৰ কাষত এখন গেলামালৰ দোকান আছিল ৷ সেই দোকানখনতে জাৰ জহ প্ৰায় সকলো দিনতে বন্ধু তিনিজনে সন্ধিয়াৰ পৰা মাজৰাতি পৰ্যন্ত কথাৰ মহলা মাৰে ৷ গাঁওবাসী শুই নিহপালি দিলে তেওঁলোক ঘৰাঘৰি উভতি যায় ৷
তাহানিৰ কুৰুৱাৰ সুভ্ৰ ধুতিখনৰ সৈতে নীলা পাঞ্জাবী চোলা আৰু চকুত কলা গগলছ পৰিহিত ডাঙৰ ডাঙৰ কানৰ ওখ পাখ ধকধকীয়া বগা গপচ নাৱৰীয়াজনৰ কথা আপোনাৰ মনত আছেনে? আজি পোনচাতেই আপোনালোকক সেই ব্যক্তিজনৰ নাম
১৯৮৬ চন মানৰ কথা হব ৷ কুৰুৱা আৰু গুৱাহাটীৰ মাজত চামদাঙ আৰু নামদাঙ জাহাজ চলা দিনৰ কাহিনী ৷ উপৰ কুৰুৱাৰ শংকৰ মন্দিৰৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ পাৰৰ খেলপথাৰ খনত প্ৰায়ে প্ৰতিযোগিতা মূলক ফুটবল খেলা হৈছিল ৷ বাকা, মানদাকটা, জলাহ, খলিহৈ আৰু গনেশ কুৱৰীৰ পৰা ফুটবল ক্লাবৰ লগত কুৰুৱা দলৰ প্ৰতিযোগিতা হৈছিল ৷ এতিয়াও মনত আছে
১৯৩৯ চনৰ কথা, দ্বিতীয় মহাযুদ্ধ চলি থকাৰ মাজতেই জৰুৰীকালীন ভাৱে ব্ৰিটিছ চৰকাৰে বহু কৈশোৰ লৰা ছোৱালীক বলপূৰ্বক ভাৱে সৈন্য বাহিনীত ভৰ্তি কৰি যুদ্ধলৈ পঠোৱা আৰম্ভ কৰি দিছিল ৷ তেনেদৰে পঠোৱা হেজাৰ বিজাৰ সামৰিক জোৱানবোৰৰ মাজতেই আছিল টিকটিকীয়া ৰঙা ওঁঠযুৰিৰে মৰম লগা এজন স্কটিছ কিশোৰ আলিষ্টেইৰ উৰ্কুহাৰ্ট ৷ তেওঁৰ জন্মস্থান আছিল
এবাৰ শাক্যমুনি ভগৱান বুদ্ধই সন্ধিয়াৰ প্ৰাৰ্থনাৰ অন্তত শিষ্য সকলক এডাল শাল গছৰ আত্মজ্ঞানৰ কাহিনী মন দি শুনিবলৈ ক’লে ৷
পুৰাণত উল্লেখ থকা মতে এবাৰ মহাৰাজ ইন্দ্ৰই মৃত্যুলোকৰ জনগনৰ ওপৰত বিতুষ্ট হৈ বৰুন দেৱতাক মৃত্যুলোকৰ ধৰাত ১২বছৰলৈ বৰষুণ নিদিবলৈ আদেশ দিলে ৷ মহাৰাজ ইন্দ্ৰৰ এই কোপত বৰষুণৰ অভাৱত মৃত্যুলোক অৰ্থাত পৃথিৱীৰ নদ নদীসমূহ শুকাই তলি উদং হৈ পৰিল ৷ খেতিপথাৰবোৰো খৰাংত চিৰালফাট দিলে ৷ কেউদিশে দাৰিদ্ৰ্যতাৰ আৰু খাদ্যৰ
মাজনিশাৰ থিম্ফু চহৰৰ দেহ শিৰশিৰাই যোৱা ঠান্ডা বতাহজাকৰ পৰশ লৈ অভিনন্দন হোটেল গালিংখাৰ ৰিচেপচন কাউন্টাৰ পালেগৈ৷ চকীত বহি টোপনিয়াই থকা ডেকা ৰিচেপচনিষ্ট জনক সি মাত দিয়াৰ লগে লগে