ৰঞ্জন দত্তৰ একমাত্র জীয়ৰী সুৱাসনা দত্ত । তাই পঢ়াত চোকা আছিল বাবেই তাইক চহৰৰ এখন কলেজত নাম লগাই দিলে । তাই হোষ্টেলত থাকি পঢ়া শুনা কৰিবলৈ ল’লে, বি এ পঢ়া শেষ কৰি এদিন ঘৰলৈ উভতি আহিল আৰু তাই নপঢ়ো বুলি মাক বাপেকক কলে । বাপেকে কি কৰিবি বুলি সুধাত তাই ক’লে ভাবি লওঁ উত্তৰ দি নিজৰ শুৱনি কোঠালৈ গ’ল । মাক আৰু বাপেকে তাইৰ বিয়াখনৰ কথাকে ভাবিলে । হয় তায়ো
Category: গল্প
তিনিজন নলে গলে লগা বন্ধু দিনটোৰ কৰ্ম ব্যস্ততাৰ অন্তত সদায়েই সন্ধিয়া মংগলদৈৰ পৰা কুৰুৱালৈ অহা বাছখন মৰমীচ’ক পোৱাৰ পাছতে লগালগি হয় ৷ তিনিজন বন্ধুৰ মাজৰে এজনৰ আকৌ মৰমীচ’কৰ নৰকান্ত দাদাহঁতৰ ঘৰৰ কাষত এখন গেলামালৰ দোকান আছিল ৷ সেই দোকানখনতে জাৰ জহ প্ৰায় সকলো দিনতে বন্ধু তিনিজনে সন্ধিয়াৰ পৰা মাজৰাতি পৰ্যন্ত কথাৰ মহলা মাৰে ৷ গাঁওবাসী শুই নিহপালি দিলে তেওঁলোক ঘৰাঘৰি উভতি যায় ৷
তাহানিৰ কুৰুৱাৰ সুভ্ৰ ধুতিখনৰ সৈতে নীলা পাঞ্জাবী চোলা আৰু চকুত কলা গগলছ পৰিহিত ডাঙৰ ডাঙৰ কানৰ ওখ পাখ ধকধকীয়া বগা গপচ নাৱৰীয়াজনৰ কথা আপোনাৰ মনত আছেনে? আজি পোনচাতেই আপোনালোকক সেই ব্যক্তিজনৰ নাম
১৯৮৬ চন মানৰ কথা হব ৷ কুৰুৱা আৰু গুৱাহাটীৰ মাজত চামদাঙ আৰু নামদাঙ জাহাজ চলা দিনৰ কাহিনী ৷ উপৰ কুৰুৱাৰ শংকৰ মন্দিৰৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ পাৰৰ খেলপথাৰ খনত প্ৰায়ে প্ৰতিযোগিতা মূলক ফুটবল খেলা হৈছিল ৷ বাকা, মানদাকটা, জলাহ, খলিহৈ আৰু গনেশ কুৱৰীৰ পৰা ফুটবল ক্লাবৰ লগত কুৰুৱা দলৰ প্ৰতিযোগিতা হৈছিল ৷ এতিয়াও মনত আছে
১৯৩৯ চনৰ কথা, দ্বিতীয় মহাযুদ্ধ চলি থকাৰ মাজতেই জৰুৰীকালীন ভাৱে ব্ৰিটিছ চৰকাৰে বহু কৈশোৰ লৰা ছোৱালীক বলপূৰ্বক ভাৱে সৈন্য বাহিনীত ভৰ্তি কৰি যুদ্ধলৈ পঠোৱা আৰম্ভ কৰি দিছিল ৷ তেনেদৰে পঠোৱা হেজাৰ বিজাৰ সামৰিক জোৱানবোৰৰ মাজতেই আছিল টিকটিকীয়া ৰঙা ওঁঠযুৰিৰে মৰম লগা এজন স্কটিছ কিশোৰ আলিষ্টেইৰ উৰ্কুহাৰ্ট ৷ তেওঁৰ জন্মস্থান আছিল
সদায়ৰ দৰে আজিও ভাত কেইগৰা নাখে মূখে ভৰাই ডাঃ তৃষা দাসে দৌৰা দৌৰিকৈ ডিউতিলৈ লৰ মাৰিলে। ৱাৰ্ডত ঠিক পাঁচ মিনিট আগতেই গৈ পালে। যিহেতু কৰ’ণা
মাঁক জগত জননীৰূপে আমি পূজো। কিন্তু তোমাৰ এইটো কি ৰূপ মাঁ? মইতো তোমাৰেই অংশ। তোমাৰ ভৰসাতেই এই জগত খনলৈ আহিছিলোঁ। মোৰ অতিকৈ কোমল কণমানি দেহাটো চাই তোমাৰ
পুৰাণত উল্লেখ থকা মতে এবাৰ মহাৰাজ ইন্দ্ৰই মৃত্যুলোকৰ জনগনৰ ওপৰত বিতুষ্ট হৈ বৰুন দেৱতাক মৃত্যুলোকৰ ধৰাত ১২বছৰলৈ বৰষুণ নিদিবলৈ আদেশ দিলে ৷ মহাৰাজ ইন্দ্ৰৰ এই কোপত বৰষুণৰ অভাৱত মৃত্যুলোক অৰ্থাত পৃথিৱীৰ নদ নদীসমূহ শুকাই তলি উদং হৈ পৰিল ৷ খেতিপথাৰবোৰো খৰাংত চিৰালফাট দিলে ৷ কেউদিশে দাৰিদ্ৰ্যতাৰ আৰু খাদ্যৰ