১৯৮৬ চন মানৰ কথা হ’ব৷ দুপৰীয়া স্কুল চুটীৰ পাছত ঘৰৰ আগফালৰ বাৰান্দাৰ দীঘল বেঞ্চখনত পেটখালা খাই গল্প পুথি এখন পঢ়ি আছিলো ৷ তেনে সময়তে মোৰ বৰদেউতা ৰত্নকান্ত চৌধুৰী (বটল বৰতা) আহি ঠুতৰিটোত চেপি মৰমতে মাতিলে, ফোচ ব’ল আজিটোক
Category: গল্প
মাঁক জগত জননীৰূপে আমি পূজো । কিন্তু তোমাৰ এইটো কি ৰূপ মাঁ? মইতো তোমাৰেই অংশ। তোমাৰ ভৰসাতেই এই জগত খনলৈ আহিছিলোঁ। মোৰ কণমানি দেহাটো চাই তোমাৰ অকণো বুকু কঁপি নুঠিলনে??তোমাৰ অকণো চকু সেমেকি নগলনে??? মই তোমাৰ কি অনিষ্ট কৰিছিলোঁ মাঁ??
মই তেতিয়া কুৰুৱা এম ভি স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্র ৷ সেই সময়ত কুৰুৱাত বিজুলী শক্তিৰ ব্যৱহাৰেই হোৱা নাছিল ৷ স্কুল চুটীৰ পাছত গৰমৰ দিনত ৰাস্তাৰ দাঁতিৰ গছৰ ছাঁত মেজ বেঞ্চ পাৰি ভৰদুপৰীয়া জিৰণি লোৱাৰ নামত সাধুকথা পঢ়া, বাঘ ঢাল খেলা, কড়ি খেলা আদি পৰম্পৰাগত দৰে আছিল৷ তেনে এদিনাখন
বাংগালোৰ চহৰৰ বেল ৰোডৰ ফুটপাথত তেজ এডোঙা আৰু সৰু চেন্ডেল পাত দেখি অৰুনাভৰ বুকুখন মোচৰ খাই গ’ল৷ কালি সি বেল ৰোডলৈ আহোতেই চৰকাৰৰ বিদ্যুত বিভাগে ফুটপাথৰ মাজত থকা লোৰ বিজুলীখুটা কেইটামান কাটি থকা দেখিছিল৷ বিভাগীয় গাফিলতিৰ কাৰণে লোৰ অবশিষ্ট অংশ সমুহ ওলাইয়ে থাকি গ’ল যাৰ ফলত দুৰ্ঘটনাটো ঘটিল বুলি বুজি পালে৷
ভূতৰ জীয়া কাহিনী কিতাপখনত দুটা ভৌতিক গল্প প্ৰকাশ পোৱাৰ আনন্দত পুৱাই অতনু প্ৰকাশকৰ ঘৰ পালেগৈ৷ ৰঙা কাগজ এখনৰে প্ৰকাশকে ধুনীয়াকৈ পেকিং কৰি দিয়া গল্প সংকলনখনৰ কপি এটা বেগত ভৰাই সন্ধিয়া
এইবাৰ ৭২ তম গণৰাজ্য দিৱসৰ সভালৈ অহা বিশিষ্ট ব্যক্তি এজনে ভাষণ দিলে – “আজিৰ পৰা ৭১ বছৰ আগত অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীত আমাৰ ভাৰতৰ সংবিধান কাৰ্যকৰী হৈছিল।
ওপৰৰ পৰা চিম চিমকৈ বৰষুণ পৰিছে ।এজাক বতাহে পলিথিন খন উৰুৱাই নিবলৈ তুমুল যুদ্ধ কৰিছে । এছাৰকণিট হো হোৱাই জ্বলি থকা ষ্টভটো নুমাই যোৱা যেন লাগিছে ঠেটুৱৈ লগা ঠেৰেঙা জাৰত কপি কপি ৬০ ৰ উদ্ধৰ মহিলা গৰাকীয়ে ইফালৰ পৰা
অলিম্পিকত জিম্নাষ্টিক খেলি ব্ৰঞ্জৰ মেডেল পাই অহা অৰ্পিতাই সোণৰ মেডেলৰ আশাত এতিয়া দুগুণ উৎসাহেৰে অনুশীলন কৰিব ধৰিছে । প্ৰশিক্ষকে ওপজি পুৱাতে মুকলি পথাৰত অনুশীলন কৰাই থাকোতে Double Turn ত
আনদিনাৰ দৰেই আজিও গা-পা ধুই, পেট পূজা আদি কৰি থাপনাত আঁৰি থোৱা লক্ষ্মীদেৱীৰ ফটোখনলৈ চাই সেৱা এটা জনাই মাৰুতি গাড়ীখন লৈ দোকানলৈ বুলি আহি আছিলোঁ৷ বাটত মেকুৰীয়ে ৰাস্তা পাৰ হৈ যোৱাও মনত নপৰে৷ ছেঃ আজি দিনটো এনেই বেয়া যেন পাঁইছো৷