এগৰাকী নাৰীৰ আত্মকথা

ৰঞ্জন দত্তৰ একমাত্র জীয়ৰী সুৱাসনা দত্ত । তাই পঢ়াত চোকা আছিল বাবেই তাইক চহৰৰ এখন কলেজত নাম লগাই দিলে । তাই হোষ্টেলত থাকি পঢ়া শুনা কৰিবলৈ ল’লে, বি এ পঢ়া শেষ কৰি এদিন ঘৰলৈ উভতি আহিল আৰু তাই নপঢ়ো বুলি মাক বাপেকক কলে । বাপেকে কি কৰিবি বুলি সুধাত তাই ক’লে ভাবি লওঁ উত্তৰ দি নিজৰ শুৱনি কোঠালৈ গ’ল । মাক আৰু বাপেকে তাইৰ বিয়াখনৰ কথাকে ভাবিলে । হয় তায়ো সন্মতি দিলে বিয়াত বহিম বুলি । মাক আৰু বাপেকে বিচাৰ খোচাৰ কৰাত এজন অকলশৰীয়া ঘৰৰ লৰা পালে সি কোনো এটা প্ৰাইভেট কোম্পানিত চাকৰি কৰে দৰমহাও ভাল । মুঠতে সাত আৰু পাচ লগ লাগি তাইৰ বিয়াখন ঠিক কৰিলে বিয়াৰ তাৰিখো হ’ল। বাপেক গাঁৱৰ চৰকাৰী এল পি স্কুলৰ প্ৰধান শিক্ষক যদিওঁ দৰমহা কেইটাৰে কোনোমতে ঘৰখন চলাই গৈ আছে। তাইৰ বিয়াত যৌতুকৰ নামত সকলো দিলে বাপেকে, কাৰণ তাই একমাত্র ঘৰখনৰ মৰম লগা ছোৱালী আছিল।

লৰাজনৰ লগত সুৱাসনাৰ বিয়া হৈ গ’ল। লৰাজন চহৰতে থাকে। তাইকো চহৰলৈ লৈ যোৱা হ’ল; দুয়ো তাত সুখেৰে দিন কটাব ধৰিলে।
দিনৰ দিনটো তাই ঘৰত অকলশৰে থাকে গিৰিয়েক ৰাতিপুৱাই ওলাই যায় কামলৈ আৰু সন্ধিয়া উভতি আহে ঘৰলৈ । এনেকৈয়ে বহু দিন পাৰ হৈ গ’ল দুয়োৰে সংসাৰ খন । কিছু দিন পিছত তাই গিৰিয়েকক এটা সু-খবৰ দিলে তাই মাক হ’বলৈ ওলাইছে।

গিৰিয়েকৰ মনত খুব আনন্দ লাগিল কথাষাৰ শুনি ।কথাষাৰ শুনি সুৱাসনাৰ মাক বাপেক দুয়ো চহৰলৈ আহিল, আৰু মাকে তাইক মাতৃ হোৱাৰ সকলো কথা এটা এটাকৈ সকলো কথা বুজাই গ’ল, তায়ো নিস্তব্ধ হৈ শুনি গ’ল। মাক বাপেকে তাইক সকলো কথা বুজাই ঘৰলৈ উভতি আহিল । কিছু দিন যোৱাৰ পিছত তাই যোজা সন্তানৰ মাক হ’ল । এটা লৰা আনজনী ছোৱালী আছিল আৰু দুয়োটা সন্তান বৰ ধুনীয়া আছিল। দেখাত খুব মৰম লগা আছিল। দুয়োৰে সংসাৰত সুখে উপচি পৰিল। ওচৰৰ মানুহে সকলোৱে ভাল পাবলৈ ধৰিলে সিঁহতক।
গিৰিয়েকে সন্তান দুটিক খুব মৰম কৰিছিল। এনেকৈয়ে দিন বাগৰি সন্তান দুটিৰ কালি এবছৰ সম্পুর্ন হ’ব। প্ৰথম জন্মদিন উপলক্ষে আয়োজিত কৰিবলৈ গিৰিয়েকে অফিচৰ পৰা পোনে পোনে বজাৰলৈ ওলাই গৈছিল । তেনেতে সম্মুখৰ পৰা এখন ডাঙৰ গাড়ী আহি মানুহজনক আগৰ চকাৰে মহতীয়াই নিলে। লগে লগে মানুহ জমা হৈ গ’ল সেই ঠাইত। সুৱাসনাই খবৰ পাই লৰালৰিকৈ সেই ঠাই পালে। তাই সেই ঠাই পোৱাৰ আগত গিৰিয়েক এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় মাগিলে । তাই গিৰিয়েকৰ মৃতদেহটি ঘৰলৈ লৈ আহি বুকুত দুয়োটা সন্তানক বান্ধি লৈ গিৰিয়েকৰ সৎকাৰ কৰিলে । তাইৰ যেন সুখৰ সংসাৰ খন হঠাৎ কাল অমানিশাই আগুৰি ধৰিলে। তাই চিন্তাত পাৰ নোপোৱা হৈ পৰিল। কেনেকৈ ডাঙৰ দীঘল কৰিব দুটাকৈ মৰম লগা সন্তান। কিছু দিন পিছত তাইক নিবলৈ তাইৰ মাক বাপেকে তাইৰ ঘৰ ওলাল । তাই কিছু সময় ভাবি তাই নাযাওঁ বুলি কৈ দিলে মাক বাপেকক। মাক বাপেকে তাইক বহুতবাৰ প্ৰয়াস কৰিলে কিন্তু বিফল হৈ পৰিল। মাকে তাইক ভিতৰৰ কোঠাত লৈ গৈ কলে যে সোৱাদ যুক্ত কেঁচা মাংস বিচাৰি ফুঁৰা বলিয়া কুকুৰৰ সংখ্যা এইখন চহৰত কম নাই মাকে সেই কথাও কলে তাইক কিন্তু মাকৰ কথা কোনো কাৰণতেই নুশুনিলে।

তাই ঠিৰাং কৰিলে যে তাই যিকোনো প্ৰকাৰে তাইৰ দুয়োটা সন্তানক তুলি তালি ডাঙৰ দীঘল কৰিব। মাক বাপেকে নিৰুপাই হৈ ঘৰলৈ উভতি আহিল। দিন কি ৰাতি তাই একো ধৰিব নোৱাৰা হ’ল। তাই মাথোঁ ভাবিব ধৰিলে সিঁহতক কেনেকৈ ডাঙৰ দীঘল কৰিব । কিছু দিন পিছত তাই বাহিৰলৈ ওলাল কামৰ সন্ধানত । কতো কাম বিচাৰি নাপালে তাই বিমুখ হৈ উভতি আহিল।

সেইদিনা তাইৰ ঘৰত এজন অচিনাকি ব্যক্তি আহি উপস্থিত হ’ল সুৱাসনাই চিনি পোৱা নাছিল মানুহজনক ।মানুহজনে তাইক কাম এটা দিম কলে, আৰু তাইৰ হাতত কেইটামান টকা দি মানুহজনে তাৰপৰা গুছি আহিল। তাই গোটেই ৰাতি ভাবিব ধৰিলে । কেতিয়াওঁ নেদেখা এজন মানুহে তাইৰ ঘৰত আহি তাইক টকা দিয়া, কাম দিয়া এক আচৰিত ধৰণৰ কথা। মানুহজনে দিয়া ঠিকনা মতেই তাই ঘৰ ওলাল আৰু কলিং বেল বজায় ভিতৰলৈ সোমায় গ’ল। মানুহজনে দৰ্জা খন ভিতৰলৈ মাতি নি সকলো কাম দেখুৱাই দিলে । তাই একান্ত মনে সকলো কাম কৰি গ’ল সন্তান দুটিক এটা ৰুমত বহুৱাই ৰাখি।

ঘৰৰ সকলো কাম শেষ কৰি তাই মানুহজনক মাত লগাই ঘৰলৈ উভতি আহিল । তাই আজি অলপ সকাহ পালে , যেনেকৈ নহওঁক কিয় তাই কষ্ট কৰিব লাগিলে মাথোঁ তাইক এতিয়া টকাৰ দৰকাৰ। এনেকৈ সদায় একান্ত মনে কাম কৰি থকা সুৱাসনাৰ প্ৰতি এক বিশেষ মানুহজনৰ দয়া উপজিল। তাইক কলে যেতিয়াই টকাৰ প্ৰয়োজন হয় কৈ দিলে হ’ল মানুহজনে সহায় কৰিবলৈ সক্ষম আছে। তাই মুৰটো জোকাৰি দিলে। তাৰে কিছু দিন পিছত আকৌ এজন মানুহ আহি উপস্থিত হ’ল তাইৰ ঘৰত। মানুহ জন দেখাত নম্ৰ ভদ্ৰ যেন লগা। এনেকৈ দিন গৈ আছে তাইৰ ঘৰত এজন এজনকৈ পুৰুষ মানুহ আহি তাইৰ ঘৰত আহি উপস্থিত হয়।

ওচৰৰ মানুহে লক্ষ্য কৰিবলৈ ধৰিলে এইবোৰ কথা। আজি বাৰটা বসন্ত অতিক্রম কৰিলে লৰা ছোৱালী হালে , লৰা ছোৱালী হালক এখন ইংৰাজী মাধ্যম স্কুলত নাম লগাই দিছে মাকে, সিহঁতে বুজি পাই মাকৰ দুখৰ কথা। দুয়ো পঢ়াত চোকা সকলো কথা সহজতে বুজি পাই। তাই যেতিয়া কামলৈ যাব ওলাই তেতিয়া তাইক ওচৰৰ তিৰোতা বোৰে দুৰৰ পৰাই দেখিলে থু-থু কৰে। তাই সেইবোৰ কথা লক্ষ্য কৰে যদিওঁ ভ্ৰক্ষেপ নকৰে। আৰু সিহঁতে কোৱা শুনে এগৰাকী বেশ্যা হৈ এইখন সমাজত কেনেকৈ জীয়াই থাকিব পাৰে কি আচৰিত।

তাতকৈ বেশ্যা শাললৈ গ’লেই হ’ল তাত সেইখন বেলেগ সমাজ য’ত এই তিৰোতা বোৰৰ বাবে চলি আছে। তাই যেন সকলো সহ্য কৰি তলমুৰ কৰি নিজৰ কামলৈ বাট বুলিলে। এই কথা একান দুকাণ কৰি সুৱাসনাৰ মাক বাপেকৰ কাণত পৰিল। সন্ধিয়া মাকৰ ফোন আহিল। মাকে তাইক কৰ্কশ মাতেৰে বহুত কথাই শুনালে। তাৰ পিছত তাইৰ লগত কোনো সম্বোন্ধ নাই বুলি ফোনটো কাটি দিলে।
তাই ভাবিব নোৱাৰিলে মাকে তাইক কিয় এনেকুৱা কথা শুনালে তাই এনেকুৱা কি বেয়া কাম কৰিলে য’ত ইমান অপমান কৰিলে জন্ম দিয়া মাক এগৰাকীয়ে।তাইক আকৌ এবাৰ কথাবোৰে ভাবান্তৰ কৰি তুলিলে। কিন্তু তাইৰ ঘৰত সেই পুৰুষ বোৰ আহাটো বন্ধ হোৱা নাছিল, আগতকৈ বেছিহে আহিব ধৰিলে। সুৱাসনাৰ লৰা ছোৱালী হালক স্কুলত সকলোৱে ইতিকিং কৰে বেশ্যাৰ সন্তান বুলি। আজিকালি সুৱাসনা পদূলিত ওলাব নোৱাৰা হৈ পৰিছে। যিকোনো মানুহে তাইক দেখিলে কয় এইজনীৰ মুখ দেখিলেই দিনটো কলা হয় মুৰৰ ওপৰত কলা কাউৰীয়ে বিনাব ধৰে যাত্ৰাৰ পথত কলা মেকুৰীয়ে বাট কাটি জীৱনলৈ বিপদ মাতি আনে বুলি তাইক ভেঙুচালি কৰে, ৰঙা চকু দেখুৱাই, অভিশাপ দিয়ে আৰু যে কিমান কি কয়। তাই আজিকালি জীয়াই থাকিওঁ মৃত হৈ পৰিছে। তাই নিৰৱে চকুলোঁ টুকি মনতে কথাবোৰ ভাবে।


বগা সাঁজযোৰত ইমান কলঙ্কৰ দাগ সনা আছে নে…?
এইযোৰ কাপোৰ ইমান লেতেৰা নে…?
তাই মনত ঠিৰাং কৰিলে তাই সমাজক মুখ খুলি কথা কব যে তাই বিধৱা হ’ব পাৰে কিন্তু বেশ্যা নহয়। তায়ো এগৰাকী নাৰী। সকলো বোৰ নাৰীৰ দৰে তায়ো ৰঙীন সাঁজ পিন্ধিবলৈ মন এটা আছে কিন্তু তাই নোৱাৰে। তায়ো মন খুলি আন তিৰোতা বোৰৰ দৰে হাঁহিব বিচাৰে কিন্তু তাই নোৱাৰে কিয়। তাই হাঁহিলে কলঙ্ক নামি আহে বুলি আনে কিয় ইতিকিং কৰে তাইক।তাইক আকৌ এবাৰ কথাবোৰে ভাবান্তৰ কৰি তুলিলে। কিন্তু তাইৰ ঘৰত সেই পুৰুষ বোৰ আহাটো বন্ধ হোৱা নাছিল , আগতকৈ বেছিহে আহিব ধৰিলে । সুৱাসনাৰ লৰা ছোৱালী হালক স্কুলত সকলোৱে ইতিকিং কৰে বেশ্যাৰ সন্তান বুলি। আজিকালি সুৱাসনা পদূলিত ওলাব নোৱাৰা হৈ পৰিছে । যিকোনো মানুহে তাইক দেখিলে কয় এইজনীৰ মুখ দেখিলেই দিনটো কলা হয় মুৰৰ ওপৰত কলা কাউৰীয়ে বিনাব ধৰে যাত্ৰাৰ পথত কলা মেকুৰীয়ে বাট কাটি জীৱনলৈ বিপদ মাতি আনে বুলি তাইক ভেঙুচালি কৰে, ৰঙা চকু দেখুৱাই, অভিশাপ দিয়ে আৰু যে কিমান কি কয় । তাই আজিকালি জীয়াই থাকিওঁ মৃত হৈ পৰিছে। তাই নিৰৱে চকুলোঁ টুকি মনতে কথাবোৰ ভাবে।

বগা সাঁজযোৰত ইমান কলঙ্কৰ দাগ সনা আছে নে…?
এইযোৰ কাপোৰ ইমান লেতেৰা নে…?
তাই মনত ঠিৰাং কৰিলে তাই সমাজক মুখ খুলি কথা কব যে তাই বিধৱা হ’ব পাৰে কিন্তু বেশ্যা নহয়। তায়ো এগৰাকী নাৰী। সকলো বোৰ নাৰীৰ দৰে তায়ো ৰঙীন সাঁজ পিন্ধিবলৈ মন এটা আছে কিন্তু তাই নোৱাৰে। তায়ো মন খুলি আন তিৰোতা বোৰৰ দৰে হাঁহিব বিচাৰে কিন্তু তাই নোৱাৰে কিয়। তাই হাঁহিলে কলঙ্ক নামি আহে বুলি আনে কিয় ইতিকিং কৰে তাইক। তায়ো মন্দিৰত সোমাই মাটিৰ ভগৱানক সেৱা কৰি পুজা কৰি মন্দিৰৰ টিলিঙা বজাব। কিন্তু তাই টিলিঙা বজালে মন্দিৰৰ ভগৱান ৰুষ্ট হৈ উঠে বুলি কোৱা হয় অপবিত্র হয় ঠাই কিয় এনে আচৰণ এই সমাজত তাই বুজি নাপালে । শিক্ষা থাকিও জ্ঞান আহৰণ কৰিব নোৱাৰিলে কিয় । কপালত সেন্দুৰৰ ফোট থাকিলে এখন সমাজ আৰু বিধৱা হ’লে এখন সমাজ কোনজন ভগৱানে প্ৰতিষ্ঠাপন কৰিছিল এনেকুৱা সমাজ । নে আজিৰ মুখাপিন্ধা ভদ্ৰলোকৰ ভন্দ সমাজ। সুৱাসনা কোনো বেশ্যা বা দুঃচৰিত্ৰৰ নাৰী নাছিল। তাই বিধাৱা হ’ব পাৰে কিন্তু বেশ্যা নহয়। তাইক একো একোটা লেতেৰা মনৰ মানুহে বেশ্যা সজাইছিল।

তাইৰ ঘৰত পুৰুষ আহিছিল হয় কোনো ভন্দ পুৰুষ অহা নাছিল আহিছিল মাথোঁ একো একোজন সৎ চৰিত্ৰৰ সুন্দৰ মনৰ পুৰুষ যি পুৰুষে নাৰীৰ দায়িত্ব বুজি পাই, যি পুৰুষে নাৰীক সন্মান কৰে, যি পুৰুষে নাৰীক নাৰী বুলি গণ্য মান্য কৰে সেই পুৰুষ আহিছিল সুৱাসনাৰ ওচৰত। যাৰ ফলত সুৱাসনা আজি এখন সুকীয়া সমাজৰ পক্ষে এটা সুন্দৰ পদত কৰ্মৰত। তাই আজিকালি এখন নাম থকা মেডিকেলৰ ধাত্ৰী হয় তাই ধাত্ৰী এগৰাকী নাৰ্চ ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *