১৯৬০ চনৰ ৫ নৱেম্বৰ তাৰিখে তেতিয়াৰ ছোভিয়েট দেশৰ এটা বাৰ’জনীয়া অভিযানকাৰী দল লেনিনগ্ৰাডৰ পৰা এন্টাৰ্কটিকা অভিমুখে যাত্রা কৰিছিল ৷ সেই বাৰ’ জনীয়া অভিযানকাৰী দলটোক নেতৃত্বাধীন কৰিছিল ডাঃ লিওনিড ৰোজোগভে ৷ চিকিৎসা বিজ্ঞানী ডাঃ ৰোজোগভক বাদে অভিযানটোৰ বাকী সদস্যসকল আছিল ৰসায়ন আৰু পদাৰ্থ বিজ্ঞানী ৷ সূদীৰ্ঘ ছমাহ ধৰি এন্টাৰ্কটিকাৰ বৰফৰ মাজত থকাৰ পাছত ১৯৬১ চনৰ মাৰ্চৰ শেষৰ ফালে অভিযানকাৰীৰ দলটোৱে প্ৰবল হিম প্ৰবাহৰ সন্মুখীন হ’ব লগীয়াত পৰিল ৷ ছমাহ মাহ ধৰি চলা সেই তুষাৰপাত ইমানেই ভয়াবহ আছিল যে এন্টাৰ্কটিকাস্থিত ছোভিয়েটদেশৰ গৱেষণাগাৰটো কেইবাফুট ডাঠ বৰফৰ তৰপেৰে ঢাকখাই পৰিছিল৷ ফলস্বৰূপে গৱেষণাগাৰটোৰ লগতে সংলগ্ন একমাত্ৰ অস্কিজেন উৎপাদনকাৰী প্লান্টোৰ ওপৰতে তেওঁলোকৰ জীৱনৰ নিশ্চয়তা নিৰ্ভৰ কৰিছিল৷

Read More

এসময়ত আমাৰ গাওঁৰ তিনি আলিত,বৰপুখুৰীৰ পাৰত এজোপা বৃহৎ বৰ গছ আছিল। এতিয়া অৱশ্যে গছ জোপা নাই। সৰুতে গাঁৱৰ বুঢ়া সকলে আমাক কৈছিল “হেৰৌ, বৰপুখুৰীৰ পাৰৰ বৰগছজোপাৰ তলত ৰাতি ভূত ওলাই, বুজিছ? জখিনি ছোৱালী এজনী ওলাই। কোনোবা কোনোবাই বুঢ়া-ডাঙৰীয়াও দেখিছে। ৰাতি সেইফালে ভুলটো নাযাবি। মুচৰি পেলাব। গম পাবি।” সৰুতে ভয় লাগিছিল। অলপ ডাঙৰ হৈ ঘটনাটো

Read More