কিবা পাইছো নে নাই পোৱা
নুসুধিবা মোক
নুসুধিবা মোৰ সময়বোৰ ,
গৈয়েযে আছোঁ সময় বাটত
সেয়াই বহুত মোৰ ৷

গৈ আছোঁ হয় মোৰ জীৱন বাটত
ক’লৈ গৈছো তাকো নাজানোঁ ,
ইয়াৰ বাট কেতিয়া অন্ত হ’ব
সেয়াটো মই নাজানোঁ ৷

মিছাতে বুকুত লৈ নানা আশাবোৰ ,
দেহত সানিছোঁ কল্পনাৰ ধূলি বোৰ ৷

জীৱন নদীৰ ঘাটত
লগ পাইছোঁ বহুজনক
কথা হৈছোঁ, মৰম দিছোঁ
এই মৰম চিৰদিন নাথাকে জানোঁ,
সময়ৰ নৈ খনে মোক লৈ গৈ আছে
এই যাত্ৰাৰ শেষ কেতিয়া
সেয়াও মই নাজানোঁ ৷

যিদৰে নাজানোঁ ঠাই
মই পৃথিবীলৈ অহাৰ
জানো মাথোঁ পুনৰ
কোনোবা এদিন উভতি
যাবগৈ লাগিব সময় আহিলে
এই সময়বা কেতিয়া আহিব
এয়াও মই নাজানোঁ ৷

আমি আমাৰ জীৱনৰ কথা
একোৱেই নোৱাৰোঁ ক’ব
আহক আমি জীয়াই থকা কেইদিন
এজনে আনজনৰ লগত
হাঁহি মুখে মিলি-জুলি থাকোঁ,
যি পাৰো সমাজৰ বাবে ভাল কাম কৰি
পৃথিৱীলৈ অহাৰ চিন ৰাখোঁ ৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *