মই কোন?
মইয়ে মিৰি তাহানিৰ পৰ্বত,পাহাৰত থকা
সোৱণশিৰিয়া ডেকা
মইয়ে মিচিং আজিৰ অসমৰ
দিহিং দিখৌ দিচাংমুখৰ
লুইতপৰীয়া ডেকা।
বহুত আশা বুকুত বান্ধি
পালোহি আহি তৈল নগৰী ডিগবৈ।
আত্মবিভোৰ হলো বহু লোকৰ
ভাষা সংস্কৃতিৰ মিলন দেখি।
কালৰ গতিত সমন্বয়ৰ শিকলি ডালত
পৰিল মামৰৰ প্ৰলেপ
ধৰ্ম ভাষা জাতিৰ বুকুত দানবৰ আচোঁৰ
চিৰ চেনেহী আইৰ আচলত আজি
ৰঙা তেজৰ দাগ।
জাতি-উপজাতিৰে গঢ়া আমি অসমীয়া
তাহানি আহোম ৰজাৰ
অথবা শংকৰ, জ্যোতি, বিষ্ণু ৰাভাৰ
বৰ আইৰ আদৰক নেওচি
গুচি গল ভাই মোৰ নগা – মিজো
অৰুণাচলী , মেঘালয় আৰু ত্ৰিপুৰা-মণি পুৰী
ৰৈ গ’ল মাথো
মিচিং, কাৰ্বি,বড়ো, কছাৰী।
কুটিল ৰাজনীতিৰ পাকচক্ৰত
এওলোকো যেন আঁতৰি
যাবৰ উপক্ৰম হ’ল।
আজিও তেজ নিগৰি থকা
দানবৰ কুৎসিত নৃত্য
ঘনে ঘনে আঘাত হানে পাষাণে,
বাৰে বৰণীয়া মোৰ অসমীৰ বুকুত।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *