মোৰ গাঁও মোৰ মানুহ (কুৰুৱাৰ কিম্বদন্তিত নাৱৰীয়াজনৰ আত্ম-কথা )

তাহানিৰ কুৰুৱাৰ সুভ্ৰ ধুতিখনৰ সৈতে নীলা পাঞ্জাবী চোলা আৰু চকুত কলা গগলছ পৰিহিত ডাঙৰ ডাঙৰ কানৰ ওখ পাখ ধকধকীয়া বগা গপচ নাৱৰীয়াজনৰ কথা আপোনাৰ মনত আছেনে? আজি পোনচাতেই আপোনালোকক সেই ব্যক্তিজনৰ নাম নকওঁ৷ তাৰ আগতে তেওঁৰ বিষয়ে জ্ঞাত কৰাব বিচাৰিম দুটামান কথা৷

আশীৰ দশকলৈ কুৰুৱা আৰু গুৱাহাটীৰ মাজত একমাত্ৰ যোগাযোগ ব্যৱস্থা আছিল ঘাট নাওঁ কেইখনমান ৷ সেই সময়ত কুৰুৱাৰ পৰা গাখীৰ, চাউল, মাছ, শাকপাচলি,হাঁহকণী আৰু পাৰ’ পোৱালি খোকাত ভাৰ বৈ নিয়া দৈনিক বেপাৰী কেইজনমান, বজাৰ সামৰ আৰু অফিচ কাছাৰীলৈ বুলি আন কেইজনমান মানুহে ৰাতিপুৱাই গুৱাহাটীলৈ গৈ দিনে পোহৰে উভতি আহিছিল ৷ সেই সময়ত কুৰুৱা আৰু গুৱাহাটীৰ মাজৰ নৌকা যাত্রা বহুত বিপদসংকুল আছিল ৷ বিশেষকৈ ভৰ বাৰিষা উপায় বিহীন হৈ হে মানুহ আচলৰ আগত জীৱটো বান্ধি ঘাট নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈছিল ৷ আশীৰ দশকলৈ কেইবাবাৰো কুৰুৱা গুৱাহাটীৰ মাজত চলাচল কৰা ঘাট নাও ব্ৰহ্মপুত্ৰৰ বুকুত দূৰ্ঘটনাগ্ৰস্ত হৈ বহুতো চিনাকী অচিনাকী লোকৰ সলিল সমাধিও ঘটিছিল৷ কিন্ত গাঁওখনৰ মানুহৰ বাবে আন বিকল্প নাছিল বাবে কেইজনমান দুঃসাহসিক নাৱৰীয়াৰ ঘাট নাও কেইখনেই সকলোৰে আশা ভাৰষাৰ থল আছিল৷

সেই দুঃসাহসিক নাৱৰীয়া সকলৰ মাজত আছিল আজিৰ আলোচনাৰ নাৱৰীয়াজন অন্যতম ৷ তেওঁ অকল দুঃসাহসিকেই নাছিল ৷ তেওঁ আছিল দুৰ্দান্ত বুদ্ধিমান, সহজে হাৰ নমনা কিন্তু দায়িত্বৱান লোক৷

দেশ স্বাধীন হোৱাৰ আগৰ কথা৷ মোৰ খুড়াহঁত গুৱাহাটীৰ কামৰূপ একাডেমীত পঢ়ি থকা সময়ৰ ঘটনা৷ আজিৰ আলোচনাৰ নায়ক নাৱৰীয়াজনে তেতিয়াৰ গুৱাহাটীৰ উজানবজাৰ ঘাটত নাওখন চপাইয়েই সদায় ওচৰৰ চাহৰ দোকানখনত বহি আসাম ট্ৰিবিউন কাকতখন মেলি বহিছিল ৷ জীৱনত কাহানিও বিদ্যালয়ত ভৰি নৰখা ধুতি পাঞ্জাবী আৰু চকুত গগলছ পৰিহিত নাৱৰীয়াজনে ইংৰাজী বাতৰি পঢ়ি থকা দেখি কাষেৰে পাৰ হৈ যোৱা পথিকে ৰহ লাগি চাই গৈছিল ৷ আচলতে তেওঁ পেপাৰখন পঢ়িবলৈ নাজানিছিল মাত্র চখতেহে মেলি লৈছিল ৷ পথৰ পথিকে অনুসন্ধিৎসুক হৈ তেওঁলৈ ৰহ লাগি চোৱাটোৱেই আছিল পাৰঘাটৰ মানুহৰ বাবে মনোৰঞ্জন৷ খুড়াহঁতৰ পৰা সেই নাৱৰীয়াজনে দুই এটা ইংৰাজী শব্দ শিকি লৈ কেতিয়াবা কেতিয়াবা অচিনাকী পথিকৰ সৈতে ৰগৰো কৰিছিল বুলি খুড়াৰ মুখতেই শুনিছিলো ৷ কেতিয়াবা কোনোবাই সচাঁকৈয়ে তেওঁ ইংৰাজী পঢ়িব জানেনে নাজানে প্ৰমাণ চাবলৈ কাকতখন চাই কিবা সুধিলেই তেওঁ ইংৰাজীতে ধমক দিছিল ডেম ইট, নিজে পইচা খৰছ কৰি কাকত কিনি পঢ় ননচেন্স কৰাইচহঁত ৷ তেওঁৰ ধমকত মানুহে থতমত খাইছিল৷

এদিন তেওঁ অভ্যাসবশতঃ ট্ৰিবিউন কাকতখন মেলি পুৱা চাহৰদোকানত বহি থাকোতেই দুজন ইংৰাজ চাহাব আহি উপস্থিত হ’ল ৷ চাহাব দুজনৰ উপস্থিতিত পাৰঘাটৰ মানুহবোৰ সন্ত্ৰাসিত হৈ পৰিল ৷ আজি নাৱৰীয়া বাপুৰ অৱস্থা তথৈবচ হ’ব বুলি পাৰঘাটৰ সকলোৱেই খাটাঙ হৈ পৰিছিল৷ কিন্তু আমাৰ দূৰ্দান্ত নাৱৰীয়াজন হৈ আছিল নিৰ্বাক নিৰ্বিকাৰ ৷ চাহাব দুজন ওচৰ চাপোতেই তেওঁ চেলুট মাৰি কাকত খন কাষলতিৰ তলত চেপা মাৰি ধৰিলে ৷ ইংৰাজ চাহাবে দুজনে তেওঁক কিবা কিবি সোধপোচ কৰি থকা প্ৰতক্ষ কৰি পাৰঘাটৰ মানুহবোৰ চিন্তিত হৈছিল যদিও নাৱৰীয়া বাপুৱে ইয়েচ, ন’ আৰু থেংকিউ শব্দ তিনিটাৰেই চাহাব দুজনৰ মনজয় কৰি পেলালে ৷ ইংৰাজ চাহাব দুজনে নাৱৰীয়াবাপুৰ পিঠিত থপথপাই প্ৰস্থান কৰাৰ পাছত পাৰঘাটৰ সকলোৱেই আহি তেওঁক বেঢ়ি ধৰিলে ৷ সকলোৰে মুখত এটাই প্ৰশ্ন আছিল বগা চাহাবে আচলতে কি সুধিছিল আমাৰ নাৱৰীয়া বাপুক? নাৱৰীয়া বাপুৱে মুখত কোনো ভাৱালেষ প্ৰকাশ নকৰি মাথো কলে চাহাবে ইয়েচ, নো আৰু থেংকিউ বিচাৰি আহিছিল৷ মই লগাখিনি দিলো আৰু তাৰপিছত গুছি গ’ল৷ এই সম্পূৰ্ণ পৰিঘটনাটোৰ আলেখলেখ মোৰ দুজন খুৰাই আৰম্ভণিৰ পৰা শেষলৈ চাই খুড়াহতৰ মনত এটা বুদ্ধি খেলালে৷ খুড়াহতে পঢ়ি থকা একডেমি স্কুলৰ প্ৰধান শিক্ষকজন অলপতে কৈ বদলি হৈ আহিছিল ৷ গতিকে খুড়াহতে নাৱৰীয়াজনৰ লগত বাজী লগালে বৃটিছ চাহাব সাজি স্কুলত গৈ প্ৰধান শিক্ষকক লগ কৰিবলৈ ৷ নাৱৰীয়া বাপুটো ত’লপৰা বিধৰ নাছিলেই ৷ যথা দিনাখন ঘাট নাওঁখন উজান বজাৰৰ ঘাটত চপাই খুড়াহতে যোগাৰ কৰি দিয়া জোতা, পেন্ট কোট আৰু কলা গগলছ পিন্ধি স্কুল পালেগৈ ৷ ভাৱৰীয়া নাৱৰীয়াজনৰ উপস্থিতত বৃটিছ চাহাব অহা বুলি স্কুলত খদমদম লাগি পৰিছিল৷ স্কুলৰ অফিচ ৰুমৰ পৰিৱেশ কাহপৰি জীন যোৱাৰ দৰে হৈছিল৷ চাহাবী আদব কায়দাৰে প্ৰধান শিক্ষকৰ আগত ব্ৰিটিছ স্কুল পৰিদৰ্শকৰ সফল অভিনয় কৰি নাৱৰীয়া বাপুৱে অবশেষত খুড়াহতক বাজী হেৰুৱালে৷

বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰগৰ কৰা নাৱৰীয়াজনৰ নাওঁখনেৰে গুৱাহাটীৰ পৰা কুৰুৱালৈ ওভটা এটা যাত্রাৰ কথা মোৰ আজিও ৰিণিকি ৰিণিকি মনত পৰে৷ সম্ভাৱত সেইয়া চাগে ফাগুন মহীয়া বতৰ আছিল৷ মোৰ খুব কাহ জ্বৰ হৈ থকাৰ দেউতাই মোক পানবজাৰৰ হৰিসভাৰ ওচৰত অক্ষয় ডাক্তৰৰ ওচৰত দেখুৱাবলৈ লৈ গৈছিল৷ যথাসময়ত ডাক্তৰক দেখুৱাই মেলি দেউতাই মামা ককা ৺গিৰিজানন্দ চৌধুৰীৰ ঘৰলৈ লৈ গৈছিল ৷ তাত ভাত পানী খাই আবেলিৰ অন্তিমখন ঘাট নাৱেৰে আমি ঘৰলৈ উভটিছিলো৷ ৰাতিপুৱাৰে পৰা অহৰহ পছোৱা মাৰি থকা বাবে মামাককা ডাঙৰ লৰা বুবুল খুড়াই আমাক সেইদিনাখন উভতি আহিব বাধাও দিছিল৷ কিন্তু দেউতাই স্কুল খটি কৰিব নিবিছাৰি উভতি আহিছিল৷ আমি উজান বজাৰ ঘাট পাই দেখিছিলো গোটেই ব্ৰহ্মপুত্ৰ নদীখন কুৱঁলীৰদৰে ধূলিয়ে আৱৰি ধৰি আছে ৷ লৰালৰিকৈ আমি গৈ বহাৰ লগে লগে নাৱৰীয়াজনে লুইতৰ বুকুত নাওঁখন মেলি দিছিল৷ নাওঁখনৰ গুৰি ধৰিছিল বিশাল বৈথা পাতেৰে আমাৰ আলোচনাৰ নাৱৰীয়াজন ৷ সেইদিনাখন পছোৱাই কোবাই থকাৰ মাজতে টুলুং ভুটুং কৰি আমাৰ নাওঁখন নদীৰ বুকুত আগুৱাই গৈ থাকিল৷ দেউতাই নদীৰ পৰাই দেখুৱাই গৈ থাকিল সাত পুখুৰী, বেলি ভিউ হোটেল, খাৰঘূলি, জয়পুৰ, নুনমাটি পাহাৰ আৰু সুদুৰত কবি ৰঘুনাথ চৌধুৰী দেবৰ পামঘৰ থকা বোন্দা পাহাৰ ইত্যাদিবোৰ৷ আমি গৈ গৈ নুনমাটি ৰিফাইনাৰী পানীযোগান ধৰা জাহাজখন পোৱাৰ লগে লগে নাওঁখনে গুৱাহাটীৰ পাৰৰ পৰা উত্তৰ পাৰৰ কুৰুৱালৈ বুলি সেৱা মেলি দিছিল৷ সেৱা মেলাৰ লগে লগেই নাওঁখন পছোৱাই হুৰহুৰাই পিছলৈ লৈ গৈছিল৷

গুৰিয়াল নাৱৰীয়াজনৰ তত্বাৱধানত আৰু বৈঠামৰা লোক কেইজনৰ তৎপৰতাত উত্তৰ পাৰ পালেগৈ যদিও পছোৱাৰ কোবাল সোঁতত নাওঁখন কোনো পধ্যেই আগুৱাই যাব পৰা নাছিল৷ লাহে লাহে বেলি ডুবু ডুবু হৈছিল আৰু নাওঁখনৰ যাত্ৰীসকলৰ মাজত আতংকৰ উত্তেজনা বাঢ় আহিছিল ৷ বতাহত বালি উৰি আহি নাৱৰীয়াজন আৰু বৈঠামৰা লোক সকলৰ চকুত সোমাইছিল ৷ মই ভয় খাই বুলি দেউতাই কোচত মুৰ থৈ শুবলৈ কৈছিল ৷ বহু সময় ধৰি আপ্ৰাণ চেষ্টা কৰাৰ পাছত গুৰিধৰা নাৱৰীয়াজনে আন এজনক গুৰি ধৰিবলৈ কৈ সকলোকে নিৰ্ভয় দি ব্ৰহ্মপুত্ৰৰ বুকুত জপিয়াই পৰিল ৷ কিছুসময় সাঁতুৰি সাঁতুৰি গৈ মা দীৰ্ঘেশ্বৰী মন্দিৰৰ পোনে পোনে ঠিয় গৰাই দি চাপৰিত উঠিল৷ চাপৰিত উঠিয়েই লগত লৈ যোৱা নাৱৰ এমূৰত বান্ধি থোৱা গুণ ডালেৰে অকলে অকলে নাওঁখন টানি নিব ধৰিলে৷ লুইতৰ কোবাল ঢৌৰ মাজত নাওঁখন সন্তুলিত হোৱাত আন এজন বৈঠামৰা লোকেও সাতুৰি পাৰ হৈ নাৱৰীয়াজনক গুণ টনাত সহায় কৰিলে ৷ অবশেষত বিপদসংকুল অবস্থাৰ মাজেদিয়েই আহি আমাৰ নাওঁখন কুৰুৱা ঘাটত চাপিছিল৷ দেউতা সমন্বিতে সকলো যাত্ৰীয়েই নাৱৰীয়াজনক তেওঁৰ প্ৰত্যুৎপন্নমতিতা আৰু দূৰ্দান্ত সাহসৰ লগতে যাত্রী সকলৰ সুৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতাক ভুয়সী প্ৰসংশা কৰিছিল৷

এতিয়া চাগে আপোনালোকৰ কুৰুৱাৰ সেই কিম্বদন্তিত নাৱৰীয়াজনৰ নাম নিশ্চয় মনত পৰিছে৷ তেওঁ আছিল চৌকামূৰৰ বৰনামঘৰৰ সন্মুখৰ ৺ জগত দাস ওৰফে জগত কাকা ৷ জগত কাকা আজি আমাৰ মাজত নাই৷ তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰক তাকেই ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো ৷
মোৰ গাঁৱৰ অখ্যাত লোক সকলে এৰিথৈ যোৱা বিখ্যাত চানেকিৰে যাতে উৎসাহিত হৈ নৱ প্ৰজন্মই আগুৱাই যাবলৈ অনুপ্ৰেৰণা পাই তাৰেই কামনাৰে আজিলৈ সামৰিছো৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *