গোপনে নিচুকাও নিজক
বুকুৰ ফাঁকেদি তথাপি বয়।

মনৰ ছবিটি লাহি দেহৰ জোখেৰে
চিলাই আনিছো ব্লাউজ টি
জিকা ফুলিয়া কাপোৰ যোৰে
খুওব সাজিব তাইক।

শাঁওনৰ পথাৰত
ন-ভূঁই ৰুই তুমি আহি পিন্ধিবা।
নতুনকৈ কিনিছো
জিকা ফুলিয়া সাজযোৰ।
খুওব জিলিকিব ৰ’দত
ৰঙা পৰা সেন্দুৰীয়া গাল দুখনি।

এপিঠি চুলিৰে খোপা বান্ধি
পাতল হালধীয়া ওৰণি
বৈ পৰা ধেনুভিৰিয়া চেলাউৰি
আজলি জনীৰ শিৰত
আধা ফুলা ৰক্ত জবা।

বেকা-বেকি চাৱনিৰে
চাই হাঁহি নাথাকিবা চোন?
এতিয়াই………
শাঁওন আহি পাওঁক।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *