দুখবোৰ হেচি ধৰিছো
ওলাই আহিব বুলি
নোৱাৰো ৰাখিব তথাপি
ওকালি ওলাই আহে।
বুকুখন বৰ বিষাই
বেদনা বোৰৰ ভৰত
সহিব নোৱাৰো
বাৰে বাৰে হওঁ পৰাজিত।
নি:স্ব দৰিদ্ৰ জনৰ
পেটত জ্বলি থকা
ভোকৰ জুইকুৰাই
খেদি ফুৰে পিছে পিছে।
আশাত বন্দী চকুঁজুৰিত
ভাহি থাকে যেন
জিঘাংসাৰ অগনি।
পুৰি ছাৰখাৰ কৰিব
ধনীৰ অহঙ্কাৰ
ধ্বংস হ’ব মদগৰ্বিতা।