নালাগে নিবিচাৰোঁ
তোমাৰ আঁছতিয়া সপোন
দুচকুত সাঁচি ৰাখিম শোকৰ চকুলোঁ।
বতাহত উৰি যাব…..
সংগোপনে
হুমুনিয়াহ
হৃদয়তে সাঁচি ৰাখিম আশাৰ বতৰা।
মোৰ সুক্ষ্ম মনক নকৰিবা আলাই- আথানি
নহ’লে
প্ৰদিপৰ শলিতা নুমাই
হৃদয়ত নামি আহিব যন্ত্ৰণাৰ এন্ধাৰ।
চৰ্ত ৰাখি…
তোমাৰ আঁছতিয়া সপোনেৰে
বান্ধি নাৰাখিবা মোক…
ডেউকা ভঙা পক্ষীৰ দৰে
ভাঙি যাব আকৌ বুকুৰ আলয়।
