অভিনন্দনে তাৰ ৰুমৰ দুৱাৰখন খুলিয়েই দেখিলে সন্মুখত অচাৰাই হাতত এপাহ ৰঙা গোলাপ আৰু এটা লেফাফা লৈ ঠিয় দি আছে ৷ তাই মুখত মৰমলগা মিচিকিয়া হাঁহিটিৰে পুৱাৰ অভিবাদন জনাই তাৰ হাতত লেফাফাটো তুলি দি ক’লে, মহাশয় যোৱা ৰাতি হোৱা আপোনাৰ অসুবিধাখিনিৰ বাবে আমি দুঃখিত ৷ পুনৰ আপোনাৰ যাতে

Read More

নৰকত প্ৰতি সপ্তাহৰ মঙ্গলবাৰৰ দিনটোত নৱাগত সকলক আদৰণি জনোৱা হয় ৷ এই দিনা স্বয়ং নৰকৰ ৰজা যম উপস্থিত থাকি ন’কৈ অহাসকলৰ লগত চা-চিনাকি

Read More

ধৰ্মাত্মা লামাজনৰ পাছে পাছে গৈ অভিনন্দন এজন বাধ্য ছাত্ৰৰ দৰে গৈ টেক্সিৰ আসনত বহি পৰিল ৷ ড্ৰাইভাৰজনে স্থানীয় ভূটীয়া ভাষাত লামাজনক খুব নিম্ন স্বৰত কিবা কথা পাতিলে ৷ সেই কথা বতৰাৰ মাজত ড্ৰাইভাৰজনৰ মুখত চিন্তাৰ ভাব ফুটি উঠিছিল ৷ অভিনন্দনে ড্ৰাইভাৰজনৰ মনৰ চিন্তাৰ কাৰণ জানিব কাৰণে খুব উৎসুক হ’ল ৷ তাৰ উৎসুকতা আতৰ কৰি

Read More

“ওঁম মনি পদ্মে হুম” বুলি উচ্চাৰণ কৰি ধৰ্মাত্মা লামাই গাড়ীৰ খিৰিকীখন অলপ উঠাই দি গলগলীয়া মাতেৰে অভিনন্দনক মহাপ্ৰভু পদ্মসম্ভাৱাৰ জীৱন কাহিনী কবলৈ আৰম্ভ কৰিলে ৷

Read More

বৌদ্ধ ধৰ্মত জল ইশ্বৰৰ কাৰণে আটাইতকৈ পবিত্র, নিৰ্মল, স্বচ্ছল আৰু উৎকৃষ্ট অঞ্জলি বুলি মনা হয়৷ সেই কাৰণে লামা সকলে পবিত্ৰ জল চতিয়াইহে পূজা পাতল আদিৰ সুভাৰম্ভ কৰে৷ তেওঁলোকে যাত্ৰা পথত পোৱা পবিত্ৰ নদী বা নিজৰাৰ পৰা জল সংগ্ৰহ কৰাটো এটা পৰম্পৰাগত ৰীতিও৷

Read More

কেইবাশ বছৰ আগত ভূটানৰ হা ভেলীৰ জিফিউ বস্তিৰ সমীপৰ নদীখনৰ বুকুত আকাশৰ পৰা এটা আঘাত প্ৰাপ্ত শগুণ উৰি আহি পৰিছিল ৷ নদীখনৰ পানীত পৰা পাছতেই ডেউকা ভগা শগুণটো সুস্থ হৈ উঠি পুনৰ আকাশলৈ উৰা মাৰিছিল৷

Read More

ৰুণ ৰঙৰ ভূটীয়া চামথা পৰিহিত ডিঙিত কমলা ৰঙৰ খাতা মেৰাই থকা বৌদ্ধলামা জন অভিনন্দনৰ ওচৰত চপাত সি ভূটানী সকলৰ দৰে ভক্তিভাবেৰে মুৰ দোৱাই লামাজনক অভিবাদন জনালে ৷ লামা জনে ওমঁ মনি পদ্মে হুম

Read More

সুউচ্চ হিমালয় গিৰিমালাৰ পাদদেশৰ একমাত্ৰ ৰাজতান্ত্ৰিক দেশ, লেণ্ড অফ থাণ্ডাৰ ড্ৰেগন (ভূটান) ৰ ৰাজপথেৰে যাত্ৰা কৰি অভিনন্দন ধন্য হৈ পৰিল৷ পৰিস্কাৰ পৰিচন্ন, যানবাহনৰ যানযট নথকা পাৰো-থিম্ফু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ একাষে সুউচ্চ থিয় লঠঙা পাহাৰ আৰু ইকাষে এখন সৰু নদী৷ নীলাভ আৰু স্বচ্ছল কুলকুল

Read More

২০১২ চনৰ ৭ মাৰ্চ ৰ দিনাখন Druk Airlines অৰ বিমান খনে পূৱা ১০ বজাত গুৱাহাটী বিমানবন্দৰৰ পৰা ভূটানৰ পাৰো চহৰলৈ উৰা মাৰিলে৷ অভিনন্দন JCB India Ltd. অৰ গুৱাহাটীৰ ৰিজিওনেল অফিছত যোগদান কৰাৰ একমাহৰ পাছতেই এক বিশেষ কামত ভূটানলৈ আহিছে৷

Read More