বিহংগম (১ম খণ্ড ) – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে

২০১২ চনৰ ৭ মাৰ্চ ৰ দিনাখন Druk Airlines অৰ বিমান খনে পূৱা ১০ বজাত গুৱাহাটী বিমানবন্দৰৰ পৰা ভূটানৰ পাৰো চহৰলৈ উৰা মাৰিলে৷ অভিনন্দন JCB India Ltd. অৰ গুৱাহাটীৰ ৰিজিওনেল অফিছত যোগদান কৰাৰ একমাহৰ পাছতেই এক বিশেষ কামত ভূটানলৈ আহিছে৷ জীৱনত প্ৰথমবাৰৰ কাৰণে ভূটান যাত্ৰাৰ সোনোৱালী সুযোগ অহাৰ লগে লগে অভিনন্দন ৰোমাঞ্চিত হৈ পৰিছিল৷ সৰুতে স্কুলৰ বন্ধত নলবাৰীৰ মামাকৰ ঘৰলৈ গলে সুদুৰৰ পাহাৰবোৰ দেখুৱাই দেউতাকে কিম্বদন্তিৰ দেশ ভূটানৰ বিষয়ে বহু কথা কৈছিল৷ তেতিয়াৰ পৰাই অভিনন্দন ভূটানৰ প্ৰতি আকৃষ্ট হৈছিল আৰু থিম্ফু ভ্ৰমণৰ আশা মনত পুহি ৰাখিছিল৷ ভূটানৰ ওপৰত অভিনন্দনৰ সৰু কালিৰ ঘটনা এটাও ৰিনিকি ৰিনিকি মনত পৰি গল৷

এবাৰ বহুত সৰু বয়সতেই অভিনন্দনে মাক আৰু দেউতাকৰ লগত গুৱাহাটীৰ পৰা নলবাৰীৰ মামাকৰ ঘৰলৈ গৈ আছিল৷ তেতিয়া গুৱাহাটীৰ পৰা নলবাৰীৰ চামতালৈ যাবলৈ হলে ৰঙিয়াত বাছ সলনি কৰিব লগীয়া হৈছিল৷ সেই দিনাখন অভিনন্দনহত চামতা অভিমুখে যাব লগীয়া প্ৰতীক্ষাৰত বাছ এখনত কিছু সময় বহাৰ পাছত তাৰ কাৰণে বিস্কুট আনিবলৈ দেউতাক বাছখনৰ পৰা নামি গৈছিল৷ দেউতাক নামি যোৱাৰ পাছতে মাকে তৰ্কিব নোৱাৰাকৈ সিও বাছৰ পৰা নামি গল৷ কিন্ত বিধিৰ দুৰ্বিপাকত সি অজস্ৰ যানবাহনৰ যানযটৰ মাজত ৰঙিয়া বাছ আস্থানত হেৰাই গল৷ উপায়ান্তৰ হৈ ভয়তে সি কান্দি কান্দি ভূটানলৈ যোৱা বাছ এখনতে উঠি মাক দেউতাকক বিছাৰিবলৈ ধৰিলে৷ ভূটীয়া ড্ৰাইভাৰ জনে তাক অভয় দি বহু সময় ধৰি বাছ খন ৰখাই থৈছিল৷ আৰু সেই বুঢ়া ভূটীয়া ড্ৰাইভাৰজনে কান্দোন ৰখাবলৈ তাৰ হাতত কমলা গুজি দিছিল৷ ভাগ্যক্রমে কিছু সময়ৰ পাছত দেউতাকে বিচাৰি বিচাৰি আহি অৱশেষত তাক বাছ খনৰ পৰা উদ্ধাৰ কৰি লৈ গৈছিল৷
টাছি দেলেক, Druk Airlines অৰ এইয়াৰ হোষ্টেজ জনীৰ মিঠা মাতত অভিনন্দনে সম্বিত ঘুৰাই পালে৷ চিন্তা বিভোৰ হৈ সি কিমান সময় ধৰি বিমানত বহি আছিল গমেই পোৱা নাছিল৷ ভূটীয়া সকলে অতিথিক সম্ভাষণ জনাবলৈ টাছি দেলেক বুলি কয়৷ টাছি দেলেক এটা তিব্বতীয় শব্দ আৰু ইয়াৰ অৰ্থ হল স্বাগতম৷

এয়াৰ হোষ্টেজ জনীয়ে কৰা ঘোষনাৰ পৰা জনা গল তাহাঁতৰ বিমানখনে ইতিমধ্যেই ২৫ মিনিট সময় আকাশমাৰ্গত অতিবাহিত কৰি ছামদ্ৰুপ জংখাৰৰ আকাশমাৰ্গৰ পৰা গৈ পাৰোৰ আকাশৰ বুকুত সোমাইছে ৷ তাহাঁতৰ বিমানখন ইতিমধ্যে অবতৰনৰ কাৰণে সাজু হৈছে গতিকে এয়াৰ হোষ্টেজ জনীয়ে যাত্ৰী সকলক জলপান গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলে৷ অভিনন্দনে আকাশমাৰ্গৰ পৰা ভুটানৰ নৈসৰ্গিক দৃশ্যাৱলী দেখি অভিভূত হৈ পৰিছিল৷ মাৰ্চ মাহৰ ভূটানৰ নীলাভ আকাশৰ পৰা তুষাৰে আৱৰি থকা সূদুৰৰ ওখ ওখ পৰ্বতৰ শৃঙ্গবোৰ ৰদৰ পোহৰত জকমকাই আছিল৷ বিমানৰ খিৰিকীখনৰে দুৰৈৰ তিব্বত সীমান্ত আৰু হিমালয়ৰ গিৰিমালাৰ দৃশ্য উপভোগ কৰিব পাই সি নিজকেই ধন্য মানিছিল৷

কিছুসময়ৰ পাছতেই অভিনন্দনহতৰ বিমানখন আকাশমাৰ্গৰ পৰা লাহে লাহে তললৈ নামিব ধৰিলে৷ দুখন পাহাৰৰ মাজেৰে বিমানখন নামি আহোতে তাৰ এনেকুৱা লাগিছিল যেন বিমানখনৰ পাখি দুখন পাহাৰত লাগিয়েই যাব৷ কিছু উৎকন্ঠাভৰা মুহুৰ্ত্তৰ অবসান ঘটাই অৱশেষত বিমানখনে পাৰো আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত সফলতাৰে অবতৰন কৰিলে ৷ অভিনন্দনে দেখিলে গুৱাহাটীৰ পৰা সৰ্বমুঠ ৪০ মিনিট সময়ৰ ভিতৰত সি গুৱাহাটীৰ পৰা ভূটানৰ পাৰো পাই গল৷

দুইখন পাহাৰৰ মাজৰ সমতল ভূমিৰ পাৰো বিমানবন্দৰত ভৰি দি অনুৰাগ ৰোমাঞ্চিত হৈ পৰিছিল৷ ইমান ধুনীয়া আটোমটোকাৰিকৈ সজাই পৰাই ৰখা ৰানৱে আৰু টেক্সি লেনত ফু মাৰি ভাত খাব পাৰি৷ ৰানৱেৰ এঠাইত ৰজা আৰু ৰাণীৰ ফটোসহ এখন বিশাল হৰ্ডিং লগোৱা আছিল৷ বিমানত অহা পৰ্যটক সকলো তাৰ সমানেই ৰোমাঞ্চিত হৈ পৰিছিল৷ তেওঁলোকে পাৰো বিমানবন্দৰৰ অপূৰ্ব প্ৰাকৃতিক শোভাৰ ফটো তোলা, চেল্ফী লোৱা আদিত মতলীয়ান হৈ পৰিছিল৷ যথাসময়ত পাছপোৰ্ট খন এনদোৰ্ছ কৰি অভিনন্দন এয়াৰপৰ্টৰ পৰা ওলাই আহিল৷ কাঠৰ কামকাজ কৰা পাৰো এয়াৰপৰ্টটো সৰু যদিও খুব ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছিল৷

এয়াৰপৰ্টৰ বাহিৰত টেক্সি ড্ৰাইভাৰ সকল এজনৰ পাছত এজন শাৰী পাতি ৰৈ আছিল৷ নিয়মানুবৰ্তী অনুযায়ী তেওঁলোকে যাত্ৰীসকলক নিজৰ নিজৰ টেক্সি লৈ আগবাঢ়াই নিছিল৷
পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ ভিতৰ আৰু বাহিৰত অকনো হাই উৰুমি নাছিল৷ এয়াৰপৰ্টৰ সকলো কৰ্মচাৰীৰ লগতে চাফাইকৰ্মী, বিমানসেৱী , চিকিউৰিটি অফিচাৰ আৰু টেক্সিছালক সকলোৱেই ভূটানৰ পাৰম্পৰিক বস্ত্র পৰিধান কৰিছিল ৷ এয়াৰপৰ্ট টোৰ পৰিবেশ ইমানেই ছফা আৰু নিৰল নিস্তব্ধ আছিল অভিনন্দনৰ জাৰ্মানীৰ হেনৱভাৰ বিমানবন্দৰটোলৈ মনত পৰি গল৷ Ingersoll Rand Company ত কাম কৰি থকা সময়তে প্ৰথম বাৰ ২০০৭ চনত অভিনন্দন জাৰ্মানীৰ হেমলিনলৈ যাওতে হেনৱভাৰ বিমানবন্দৰত নামিছিল ৷ সেই সুদুৰৰ জাৰ্মানীৰ হেনৱভাৰ বিমানবন্দৰ আৰু ভূটানৰ পাৰো বিমানবন্দৰ মাজত সি কিছুমান সাদৃশ্য বিচাৰি পাইছিল৷ হেনৱভাৰ বিমানবন্দৰটোৰ দৰে পাৰো বিমানবন্দৰটোৰ পৰা থিম্ফু চহৰলৈ যোৱা ৰাস্তাটোৰ দুই কাষ শাৰী শাৰী সৰলগছ দেখি সি অভিভুত হৈ পৰিছিল৷

বিমানবন্দৰৰ সন্মুখত ৰৈ থকা টেক্সি ড্ৰাইভাৰ এজন অভিনন্দনৰ ফালে আগুৱাই আহি গন্তব্যস্থানৰ সন্ধান লোৱাৰ পাছত তাৰ সামগ্ৰী খিনি গাড়ী তুলি দিলে৷

অবশেষত অভিনন্দনে বহু বছৰৰ প্ৰতীক্ষাৰ অন্তত ভুটান আৰু ভূটীয়া সকলৰ বিষয়ে মনৰ জিজ্ঞাসা আৰু কৌতুহলৰ জোলোঙাখন কান্ধত লৈ গন্তব্যস্থান থিম্ফুলৈ বুলি যাত্রা আৰম্ভ কৰিলে৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *