মন যায় মোৰ
বসন্ত ঋতুৰ দৰে
চঞ্চল হৈ সেউজীয়া ৰঙ সানিবলৈ;
মন যায় মোৰ
সাগৰৰ ঢৌত উঠি
পাতালপুৰীৰ পৰা মাণিক বুটলি আনিবলৈ;
মন যায় মোৰ
ডাৱৰেৰে সজোৱা ঘৰখন হব;
তাতে শুকুলা চাদৰ ঢাকি
নিদ্ৰাই নিব সৰগৰ সপোন দেশলৈ বুলি;
মন যায় মোৰ
চন্দ্ৰ সূৰ্য্যৰ দৰে প্ৰকৃতিৰ সুন্দৰতাৰ
সোৱাদ খাই জীয়াই থাকিবলৈ;
আৰু কি মন যায় জানানে সখি!
মন যায় মোৰ
সপোন কোঁৱৰৰ আলিঙ্গনৰত হৈ
চাৰি নয়নে বিশ্ব পৰিভ্ৰমন কৰিবলৈ;
মন যায়
উশাহৰ প্ৰতিপল আনৰ নামত লিখি যাবলৈ!
মন যায়
মনৰ বন্ধ দুৱাৰ খুলি কল্পনাৰ
সাগৰত ওমলিবলৈ
মন যায় মোৰ
অতীতৰ ক্ৰুটি মোহাৰি
ভৱিষ্যত সোণোৱালী দুৱাৰ মোকলাবলৈ!