আন্ধাৰবোৰে ঘেৰি ধৰিছে
চাৰিওফালৰ পৰা
ডাঠ চামনিৰ প্ৰলেপৰ
আচ্ছাদনত গভীৰৰ পৰা
গভীৰতৰ হৈছে সময়।
গভীৰ নিশাৰ হাহাকাৰ
ফালি উফৰি পৰিছে
অশৰীৰি আত্মাৰ চিঁঞৰ।
বুকুৰ ধপধ্পনিত
কঁপিছে শৰীৰৰ হাড়
ঠৰঠৰকৈ বাজিছে
দুপাৰি দাঁতৰ শব্দ।
ঘৰ্মাক্ত দেহৰ পৰা
কাপোৰবোৰ সৰি পৰিছিল
এখন এখনকৈ।
আশংকাত মুদ
খাই পৰিছিল দুচকু
হাত ভৰি সোমাই পৰিছিল
বুকুৰ মাজৰ ক’ৰবাত।
ঘণ কুঁৱলি ফালি
ওলাই অহা
পোহৰৰ ৰেঙণিয়ে
কঢ়িয়াই আশাৰ বতৰা।