ফাগুনৰ নঙঠা ডালত
এতিয়া বহাগৰ সুৰ
বহাগ আহিবই
এটি সেউজীয়া সপোনেৰে
বিহংগইও নাচিব;
পবনে চুমা দি যাব
যৌৱনৰ শিহৰণ তুলি
প্ৰকৃতি গাভৰু হব,
ফাগুনৰ নঙঠা ডালত
বহাগ আহি জিৰণি লব।
কিন্তু !!
সভ্যতাই শতিকা জুৰি
পৰিবৰ্তনৰ পম খেদিছে
পদ পথত অলিয়ে-গলিয়ে
নঙঠা দেহ বৃদ্ধিহে হৈছে
ডাচ্‌-বিনস্হ শিশুৰ ক্ৰন্দনত
বৃদ্ধাশ্ৰমৰ আইতাৰো
মূল্যবোধত আউল লাগিছে ;
ধৰ্ষণ আৰু হত্যই
চেতনাক অবনমিত কৰিছে,
বহাগৰ অপেক্ষাত
প্ৰকৃতিয়ে মানৱতাক ধিক্কাৰ দিছে।
এয়াই পৰিবৰ্তন?

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *