যিমানেই যি নহওক
মোৰ গাওঁখনেই মোৰ জন্ম ঠাই ,
লগ -সমনীয়াৰ লগত খেলা ধূলা কৰি
ডাঙৰ দীঘল হোৱা
মোৰ মৰমৰ ঠাই ।

মোৰ অন্ধকাৰ গাঁৱখনতেই
সপোন দেখো এটা নতুন দিগন্তৰ ।
সপোন দেখো শিক্ষাৰ জ্যোতিৰে আলোকিত
এখন নতুন ভাৰতবৰ্ষৰ ।
সপোন দেখো এখন সুন্দৰ সমাজৰ ।
সপোন ৰচো সোনোৱালী ভবিষ্যতৰ ।

মোৰ গাওঁখনতেই বিচাৰি পাওঁ
মোৰ সোনোৱালী শৈশৱ।
অনেক দুখৰ মাজতো ইয়াতেই বিচাৰি পাওঁ
জীৱনৰ আচল সুখ ।
আৰু অনেক ধুমুহাৰ মাজেদি ইয়াতেই পঢ়া-শুনা কৰি
আজি মানুহ হ’লো আন দহজনক মানুহ বনাবলৈ।

যিমানেই যি নহওক
মোৰ গাওঁখনেই মোৰ জন্ম ঠাই ,
লগ সমনীয়াৰ লগত খেলা ধূলা কৰি
ডাঙৰ দীঘল হোৱা মোৰ মৰমৰ ঠাই।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *