বিহংগম (চতুৰ্থ খণ্ড) – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে

কেইবাশ বছৰ আগত ভূটানৰ হা ভেলীৰ জিফিউ বস্তিৰ সমীপৰ নদীখনৰ বুকুত আকাশৰ পৰা এটা আঘাত প্ৰাপ্ত শগুণ উৰি আহি পৰিছিল ৷ নদীখনৰ পানীত পৰা পাছতেই ডেউকা ভগা শগুণটো সুস্থ হৈ উঠি পুনৰ আকাশলৈ উৰা মাৰিছিল৷
এই সম্পূৰ্ণ ঘটনাটো এজন বুঢ়া বৌদ্ধলামাই প্ৰত্যক্ষ কৰি আছিল ৷ তেওঁ ধ্যানত বহি গম পালে যে সেই নদীখনৰ পানী ধৰ্মাত্মা দ্ৰুক্ পা কিনলেৰ আশীৰ্বাদ প্ৰদত্ত ৷গুৰু মহাত্মা দ্ৰুকপা কিনলেক সমস্ত ভূটানবাসীয়ে পগলা যোগী (Devine Mad Man) বুলি জানে ৷ তেওঁৰ দৰ্শন জ্ঞান আৰু মহিমা অপাৰ আছিল ৷
বুঢ়া লামাজনে সকলো মানুহৰ মাজত সেই নদীখনৰ ঐশ্বৰিক মাহাত্ম্য আৰু আহত শগুণটোৰ কাহিনি প্ৰচাৰ কৰিব ধৰিলে ৷ লাহে লাহে নদীখন চাবলৈ আৰু তাৰ পবিত্ৰ জলধাৰাত স্নান কৰিবলৈ নানান স্থানৰ পৰা যাত্ৰীৰ সমাগম হবলৈ ধৰিলে ৷ যাদুকৰী নদীখনৰ ঔষধি জলধাৰাত স্নান কৰাৰ পাছত যাত্রী সকলে শৰীৰৰ বিভিন্ন অংগৰ বিষ বেদনাৰ পৰা আৰোগ্য লাভ কৰা পৰিলক্ষিত হ’ল ৷ পাছলৈ মানুহে গুৰু দ্ৰুকপা কিনলেৰ আশীৰ্বাদ প্ৰদত্ত সেই নদীখনক জাগীমিনচূ বুলি জনা হ’ল ৷
ভূটানৰ জংখা ভাষাত জাগী মানে শগুণ, মিন মানে ঔষধি আৰু চু মানে হল পানী ৷

তোমাৰ ভাগ্যই আজি সেই পবিত্ৰ জলধাৰাত স্নান কৰাৰ সুযোগ দিছে বাচা ৷ বিশ্তোবাস ৰাখিবা তোমাৰ শৰীৰৰ সকলো বিষ বেদনা আতৰি যাব ৷ শাক্যমুনিয়ে দিব্যজ্ঞান লাভ কৰা পুণ্যভূমি ভাৰতবৰ্ষৰ পৰাও বছৰি বহুতো লোক হাড়ৰ বিষ বেদনাৰ পৰা আৰোগ্য লাভ কৰিবলৈ যাদুকৰী জাগীমিনচু নদীত স্নান কৰিবলৈ আহে ৷
ধৰ্মাত্মা লামাজনে খুব নিম্ন স্বৰৰে অভিনন্দনক কথা খিনি কৈ গৈছিল ৷ ডাঠ সেউজীয়া ওখ ওখ সৰলগছে দুই পাৰ আবৰি থকা একা বেকা পথটোৰে গাড়ীখনৰ পিছৰ চিটত বহি গৈ থাকোতে অভিনন্দনৰ নিজকে প্ৰাগৈতিহাসিক যুগৰ এখন মায়াবী ৰাজ্যৰ মাজেৰে গৈ থকা যেন অনুভব হ’ল ৷ তাতে গাড়ীখনৰ চাউন্ড চিষ্টেমত দোতাৰা ( জংখা ভাষাত ড্ৰাংগীয়েণ) আৰু বেহলা (জংখা ভাষাত চিওৱাং) আৰু বাঁহী ( জংখা ভাষাত ডং লিম)ৰ সমলয়ত বাজি থকা স্থানীয় তিববতীয় সংগীতৰ সুৰে তাৰ হৃদয়ৰ মাজত এক অনাবিল প্ৰশান্তি আনি দিছিল ৷ সংগীত আৰু সংস্কৃতি সদায়েই এখন ঠাইৰ প্ৰাকৃতিক পৰিবেশ আৰু জীৱন শৈলীৰ পৰাহে সৃষ্টি হয় ৷ তিব্বতীয় সংগীতবোৰৰ এক সুকীয়া সোৱাদ আছে, এই সংগীতৰ লয়ে মনত য্যোগৰ অনুভূতি জগাই তুলিছিল ৷
অভিনন্দনে মাজ মাজে গাড়ীখনৰ খিৰিকীৰে চাই শিহৰিত হৈও পৰিছিল ৷ সমুদ্ৰপৃষ্ঠৰ পৰা কেবা হাজাৰ ফুট উচ্চতাত পৰিভ্ৰমণ কৰি থকা একাবেকা পথটোৰ পৰা তলৰ নদ নদী সমূহ চকুৰেই মনিব নোৱাৰি ৷ তাৰোপৰি মাজে মাজ ৰাস্তাটোৰ এটা ফাল সম্পূৰ্ণ উন্মুক্ত আৰু তললৈ চালেই মুৰ আচন্দ্ৰাই কৰে ৷ মাজে মাজে ৰাস্তাটো ঘন কুৱঁলীৰে ঢাকি ধৰিছিল ৷ তেতিয়া অভিনন্দনৰ ঠান্ডাত গাৰ কপনিও উঠিছিল ৷
ডাঠ ঘন জংঘলৰে ভৰা পাহাৰীয়া সি ৰাস্তাটোৰে গৈ থাকোতে মাজে মাজে নীলাভ আকাশৰ তলত সূদুৰত বৰফে আবৃত শুকুলা পৰ্বতৰ শৃঙ্গবোৰ দেখা পাইছিল ৷
ধৰ্মাত্মা লামাজনে সেইবোৰ একাদিক্রমে , কাঞ্চন জংঘা, মিৰি পনচুম, কৈলাস আৰু এভাৰেষ্ট পৰ্বত বুলি আঙুলিয়াই দেখুৱাই গৈছিল ৷ প্ৰায় এক ঘন্টা মান পথ যোৱাৰ পাছত তাহাঁতৰ গাড়ীখন লাহে লাহে সমতল ভূমিলৈ নামিব ধৰিলে ৷
চেলালা পাহাৰৰ ওপৰৰ পৰা তলৰ সমতল ভূমিৰ জিফিউ ভেলী আৰু সৰু জাগীমিনচু নদীখনৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্য দেখি অভিনন্দন ৰোমাঞ্চিত হৈ পৰিল ৷ নীলাভ আকাশৰ তলত চাৰিওফাল তুষাৰে আবৃত ওখ ওখ পৰ্বতৰ মাজত হালধীয়া আৰু সেউজীয়া বুলিয়া জিফিউ ভেলীখন ভূ-স্বৰ্গ যেন লাগিল তাৰ ৷
অবশেষত ধৰ্মাত্মা লামা লবজান থিনলে দৰজীৰ নিৰ্দেশত ড্ৰাইভাৰজনে গাড়ীখন জিফিউ বস্তি পোৱাৰ আগে আগে জাগীমিনচু নদীখনৰ পাৰত ৰখাই দিলে ৷ মহাত্মা লামা আৰু ড্ৰাইভাৰজনে ভূটীয়া সাজপোচাক খুলি এখন এখন টাৱেল পিন্ধিলোৱা দেখি অভিনন্দনেও গাৰ কাপোৰ যোৰৰ খুলি বেগটোৰ পৰা গামোচা এখন উলিয়াই পিন্ধি ল’লে ৷

আপুনি অসমীয়া নেকি?

হঠাৎ অসমীয়াতে মাতষাৰ শুনি অভিনন্দনে থতমত খাই ইফালে সিফালে চাবলৈ ধৰিলে ৷

তুমি পিন্ধা গামোচাখনৰ পৰাহে তোমাক অসমীয়া বুলি ভাবিছো ৷ লামাজনৰ মুখৰ কথাষাৰ ত অভিনন্দন হতভম্ব হৈ পৰিল ৷
প্ৰভু আপুনি অসমীয়া জানে দেখোন ৷ আপুনি অসমত আছিল নেকি ? একে উশাহতে সি লামাজনক উদ্দেশ্যি সুধিলে ৷
এটা মিচিকিয়া হাঁহি মাৰি ধৰ্মাত্মা লামাজনে শান্ত মনেৰে অভিনন্দনক কলে- অসম আৰু ভুটানৰ সম্বন্ধ বহুত পুৰণি ৷ সপ্তম শতিকাৰ সময়ত ভূটানখন কোচবিহাৰৰ ৰজা সংগল্পদীপৰ অধীনত আছিল ৷ কিন্ত নবম শতিকাৰ প্ৰাক মুহূৰ্তত তিব্বতত ৰাজনৈতিক বিদ্ৰোহৰ অভ্যূত্থানৰ লগে লগে বহুতো বৌদ্ধলামাই জনপ্ৰাণ বচাই ভুটানৰ ভূমিত প্ৰবেশ কৰে ৷ দ্বাদশ শতিকাত ভূটানত তিব্বতৰ পৰা নিৰ্বাসিত হৈ অহা বৌদ্ধলামাসকলে প্ৰথমখন দ্ৰুকপা কাগীউপা বিদ্যালয় স্থাপন কৰিছিল আৰু তাৰ পাছতেই লাহে লাহে ভূটান এখন বৌদ্ধ ধৰ্মাৱলম্বী ৰাষ্ট্ৰলৈ পৰিগনিত হৈছিল ৷ ভূটান আজিলৈকে কোনো ৰাষ্ট্ৰৰ অধীনলৈ যোৱা নাই আৰু কোনো ৰাষ্ট্ৰকে আক্ৰমণো কৰা নাই ৷ প্ৰভূ শাক্যমুনি, গুৰু পদ্মানাভাৱা ( ৰিনপোচে ) আৰু পগলা যোগী দ্ৰুকপা কিনলেৰ আশীৰ্বাদ প্ৰদত্ত এইখন সৰু ৰাষ্ট্ৰ ভূটানক পৃথিৱীৰ সকলো শক্তি একলগ হলেও পৰাভূত কৰিব নোৱাৰিব ৷ ইয়াৰ আঁৰত বহুত ডাঙৰ ৰহস্য আছে তুমি পাছে পৰে জানিব পাবা ৷ আৰু মোৰ জন্ম হৈছিল অসমৰ নিচেই কাষৰীয়া ছামদ্ৰুপ জংখাৰত ৷ গতিকে মই অসমীয়া ভাষা কব আৰু লিখিব পৰাটো স্বাভাৱিক ৷
ধৰ্মাত্মা লামাজনৰ কথাখিনি শুনাৰ পাছত অভিনন্দন পুলকিত হৈ পৰিছিল ৷সুন্দৰ সন্ধিক্ষণত ধৰ্মাত্মাৰ সতে তাক পৰিচিত কৰি দিয়াৰ বাবে সি হৃদয়ৰ পৰা ভগৱানক অশেষ ধন্যবাদ জনালে ৷ অসমীয়া গামোচাখনকলৈয়ো তাৰ বহুত গৌৰৱবোধ হ’ল ৷ গামোচাখন সচাঁকৈয়ে অসমীয়া জাতিটোৰ কাৰণে এটা স্বাভিমান আৰু সুকীয়া পৰিচয় ৷

‘ওঁম মনি পদ্মে হুম ‘ বুলি মণ্ত্রোচ্চাৰণ কৰি মহাত্মা লামাজন জাগীমিনচুত নামি দিয়াৰ লগে লগে অভিনন্দনে হৰি ওঁম বুলি উচ্চাৰণ কৰি পানী যুঁৱলিলৈ খোজ দিলে ৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *