আলসুৱা হিয়াত
বাজিছে গীতৰ ঝংকাৰ,
অসংখ্য অনুভূতিৰে পূৰ্ণ
সোণালী স্বপ্ন নিৰাকাৰ।

আলসুৱা হিয়াত
অনন্ত অপাৰ চেনেহ,
একাজলি বিশ্বাসত
বগাইছোঁ দেহে কেহে।

আলসুৱা হিয়াত
জীৱনৰ ন-ধাৰা পাত,
পৰমাত্মাৰ চৰণত
শ্ৰদ্ধা ভক্তিৰ প্ৰণিপাত।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *