বিহংগম (তৃতীয় খণ্ড) – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে

মেৰুণ ৰঙৰ ভূটীয়া চামথা পৰিহিত ডিঙিত কমলা ৰঙৰ খাতা মেৰাই থকা বৌদ্ধলামা জন অভিনন্দনৰ ওচৰত চপাত সি ভূটানী সকলৰ দৰে ভক্তিভাবেৰে মুৰ দোৱাই লামাজনক অভিবাদন জনালে ৷ লামা জনে ওমঁ মনি পদ্মে হুম বুলি উচ্চাৰণ কৰি
মুখৰ ভিতৰতে কিবা কিবি বিৰবিৰাই তাক আশীৰ্বাদ দি ভঙা ভঙা হিন্দীত সি থিম্ফুলৈ যাব নেকি সুধিলে৷
হা জী মে থিম্ফু যা ৰহা হু ৷ বতাইয়ে মে আপকা ক্যা চেৱা কৰ চকতা হু ৷ অভিনন্দননে শ্ৰদ্ধা সহকাৰে লামাজনক উত্তৰ দিলে ৷


লামাজনে তাৰ উত্তৰত উৎসাহিত হৈ তাৰ লগত থিম্ফু লৈ যাব পাৰিব নেকি সুধিলে ৷ অভিনন্দনে লামাজনৰ প্ৰস্তাৱক একেবাৰতে সন্মতি জনাই তেওঁক আথেবেথে কাষৰ আসনতে বহিব দিলে ৷
বিমানবন্দৰৰ পৰা ওলাই কিম্বদন্তিৰ দেশ ভূটান ৰাজপথেৰে যাত্ৰা আৰম্ভ কৰাৰ পাছতেই সি এজন টুৰিষ্ট গাইডৰ অভাৱ বৰকৈ অনুভৱ কৰিছিল ৷ যোৱা আধাঘন্টাৰ যাত্ৰাকালত পথৰ দুই কাষে দেখি অহা বিস্ময়কৰ বহুতো কথাই অভিনন্দনৰ মনত জুমুৰি দি ধৰিছিল ৷ টেক্সি ড্ৰাইভাৰ জনেও বহুত সীমিত কথা বতৰা পাতে ৷ ড্ৰাইভাৰজনে জনোৱা মতে ভূটানত গাড়ী চলোৱা সময়ত অনাৱশ্যক কথাপাতি যোৱাটো নীতিবিৰূদ্ধ কথা ৷ মোবাইলত কথা পাতি অথবা সুৰাপান কৰি গাড়ী চলোৱাটো আইনমতে দন্ডণীয় ৷ সুৰাপান কৰি গাড়ীচলালে চালকক হালধীয়া কাৰ্ড সহ নগদ ১৫০০ ঙালট্ৰাম ( প্ৰায় ১৫০০ টকা) জৰিমনা বিহা হয় ৷ তিনিবাৰকৈ জৰিমনা বিহাৰ পাছতো যদি চালকে সুৰাপান কৰি গাড়ী চলাই তেনেহলে চালকজনৰ ড্ৰাইভিং লাইচেন্স যাৱজ্জীৱনৰ কাৰণে বাতিল কৰা হয় ৷ বিমানবন্দৰৰ পৰা আহি থাকোতে ৰাস্তাত টহলদাৰী ভূটানী ট্ৰেফিক পুলিচৰ দলে বাইক আৰু ট্ৰাক চালকৰ মুখত পাইপ লগাই সুৰাপানকাৰী চালক বিচাৰি তালাচী কৰা নিজ চকুৰে দেখা পাইছে ৷ গতিকে অভিনন্দনে ড্ৰাইভাৰজনক অসুবিধা নিদি মনত উদয় হোৱা জিজ্ঞাসাবোৰ মনৰ ভিতৰতে ছেপি ৰাখিছিল ৷ এতিয়া অন্তঃত লামাজনৰ পৰা কিছু কথা জানিব পৰা যাব ৷


লামাজনে অভিনন্দনক ধন্যবাদ জনাই গাড়ীৰ আসনত বহি পৰিল ৷ লামাজনে নিজৰ নামটো লবজান থিনলে দৰজী বুলি কলে তেওঁ পাৰো জং ত থাকে ৷ বিশেষ কামত তেওঁ হেনো থিম্ফুলৈ যাবলগীয়া হ’ল ৷ পাছে বহু সময় ধৰি যান-বাহন একো নোপোৱাৰবাবেহে অভিনন্দনহতঁৰ গাড়ীখন ৰখাবলগীয়া হ’ল বুলি অভিনন্দনক সৌজন্যতা প্ৰকাশ কৰিলে ৷ অভিনন্দনেও গোপনতা প্ৰকাশ কৰি লামাজনক কলে , মহাশয় এইটো মোৰ সৌভাগ্য যে আপোনাৰদৰে এজন ধৰ্মাত্মাৰ সৈতে একেলগে যাত্ৰা কৰিব পালো ৷ মই পাৰো বিমানবন্দৰৰ পৰা ওলাই অহাৰ পাছতেই এজন সহযাত্ৰীৰ অভাৱ অনুভব কৰিছিলো আৰু আপুনি সেই অভাৱ পূৰণ কৰিলে ৷
অভিনন্দনৰ কথাত সুখী হৈ বুঢ়া লামাজনে জপি থকা হাতৰ মালাডাল তাৰ মুৰত লগাই পুনৰ উচ্চাৰণ কৰিলে – ওঁম মনি পদ্মে হুম্ ৷ আৰু ঠিক তেতিয়াই অভিনন্দন হতঁৰ গাড়ীখন চালকজনে ৰাস্তাৰ দাঁতিত কাষৰীয়া কৈ ৰাখি নামি গ’ল ৷ অভিনন্দনে গাড়ীখন হঠাৎ ৰৈ দিয়াৰ কাৰণে সম্ভেদ লবলৈ বুলি খিৰিকী খনৰে মুৰটো উলিয়াই দেখিলে ৰাস্তাত টহলদাৰী ট্ৰেফিক পুলিচৰ এটা দলে তাহাঁতৰ গাড়ীখনৰ চালকজনক কিবা বুজাই আছে ৷


কিছুসময়ৰ পাছতেই চালকজনে আহি অভিনন্দনক জনালে যে পাৰো আৰু থিম্ফু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ চোখা নামৰ ঠাইখনত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে গাড়ীখন উভতি গৈ পাৰো আৰু তিব্বতৰ কাষৰীয়া হা সংযোগী পথেৰে গৈ চুডজম হৈ থিম্ফু যাবগৈ লাগিব ৷ ঘুৰি ঘুৰি যাবলগীয়া হব কাৰণে দূৰত্ব আৰু সময়ো বেছি লাগিব ৷ তাৰোপৰি এই পথচোৱা অতি দূৰ্গমো ৷ অন্যথাই ৰাস্তা নোখোলা পৰ্যন্ত ইয়াতে খাপ পিতি ৰখিব লাগিব ৷
যাত্রাপথ বেছি দূৰত্বৰ আৰু দূৰ্গম বুলি জানিব পাৰি অভিনন্দনৰ ভালেই লাগিল ৷ এনেধৰণৰ যাত্ৰা সদায়েই অভিনন্দনৰ কাৰণে ৰোমান্সকৰ আৰু শ্মৰণীয় হৈ পৰে ৷ তথাপিও সি লামাজনক শ্ৰদ্ধা সহকাৰে তেওঁৰ মন্তব্য জানিব বিচাৰিলে ৷ লামাজনে খুব নম্ৰতাৰে অভিনন্দনক কলে যে মহান শাক্যমুনিৰ ইচ্ছাই যি বিচাৰে তাত কাৰো আপত্তি থাকিব নোৱাৰে ৷ গতিকে মহাপুৰুষ তথাগতৰ ইচ্ছামৰ্মেচাগে আজি আমি দীঘলীয়া পথৰেই ভ্ৰমণ কৰিব লাগিব ৷ মহাত্মা ৰিনপোচেৰ আশীৰ্বাদপ্ৰাপ্ত যাদুকৰী জাগীমিনচু নিজৰাৰ পবিত্ৰজল তোমাৰ ভাগ্যত লিখা আছে ৷ লামাজনৰ কথা শুনি অভিনন্দনৰ মনত বিশ্ময় আৰু অনুসন্ধিৎসা বৃদ্ধি পাবলৈ ধৰিলে ৷
সি মহাত্মা লামাজনৰ চৰণ চুই কলে মহাশয় আপোনাৰ কথাখিনি ভালদৰে বুজিব নোৱাৰিলো ৷ এই অধমক অলপ ভালদৰে বুজাই কব নেকি?


মহান লামাজনে মিচিকিয়া হাঁহি এটা মাৰি চালকজনক গাড়ীখন ঘুৰাই হা হৈ থিম্ফুলৈ যাবলৈ ইংগিত দিলে ৷ তেওঁ পুনৰবাৰ হাতত জপি থকা মালাডাল অভিনন্দনৰ কপালত লগাই কলে, বাচা ভূটানৰ সকলো নদ-নদী, পাহাৰ-পৰ্বত, গছ-গছনি ,জীৱ- অজীৱ সকলো বস্তুৱেই মহাত্মা প্ৰভু শাক্যমুনি ( মহাত্মা বুদ্ধ) আৰু গুৰু ৰিনপোচেৰ আশীৰ্বাদ প্ৰদত্ত ৷ তেনে এখন মায়াবিনী নদী হ’ল জাগীমিনচূ ৷ গুৰু দ্ৰুকপা থিনলেক শ্মৰণ কৰি তোমাক এতিয়া এই মহান নদীখনৰ বিষয়ে কৈ যাম মন দি শুনিবা আৰু মানৱ কল্যাণৰ কাৰণে এই নদীৰ মাহাত্ম্য আনকো জনাবা৷ “ওঁম মনি পদ্মে হুম ” বুলি মহান লামাজনে জাগীমিনচু নদীখনৰ কিংবদন্তি কথা আৰম্ভ কৰিলে৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *