অশ্ৰু ধৰা
নিগৰি বৈ যায়,
শোকে খুন্দা মাৰে বুকুত।
লেহুকা হৃদয় খন
সন্তনা দিব নোৱাৰোঁ,
বেদনাত হাউলি পৰে মন।
ভাবিব নোৱাৰোঁ
বুদ্ধি হেৰাই
জুখিব নিৱাৰোঁ
কিয় ইমান কোমল অন্তৰ খন?
বহু কথা কবলৈ আছিল,
কবলৈ সাহস নহ’ল,
সময়ত কব নোৱাৰিলোঁ।
জীৱনৰ দৰ্শন উপলব্ধি
কৰিব নোৱাৰিলোঁ,
টনকিয়াল নহ’ল মন।
অহৈতুক সুখ বিচৰা নাই ,
দুখ আদৰি লবলৈ ইচ্ছা নাই,
হাঁহি নিলাজি বনৰ দৰে
জয় পৰি গ’ল।
মধুৰ সময়,
সুখৰ সময়,
বহু আঁতৰত ৰ’ল,
আলসুৱা মনে
সাৱতি ধৰে আবেগ,
সময় নষ্ট কৰে,
অনুশোচনাই ঘেৰি ধৰে মোক।
অনুভৱত মৰম আছে ,
আশাৰ মাজত জীৱন,
স্ব-অভিমানী মনে
দৌৰি ফুৰে নিজৰ পথত।
মধুৰ জীৱন হৈ পৰে
মোহভঙ্গ জীৱন ,
য’ত নিজকে প্ৰশ্ন কৰাৰ
সময় নাথাকে ।
শুদ্ধ উত্তৰ বিচাৰি নাপাওঁ ,
আতিথ্য লভিবলৈ
সাদৰি হৃদয় ওচৰত নাই ,
সাচি ৰখা মৰম লেৰেলি শুকাল।