মাঁৰ নিৰ্মমতাৰ কাহিনী (সত্য ঘটনাৰ ওপৰত আধাৰিত)

মাঁক জগত জননীৰূপে আমি পূজো । কিন্তু তোমাৰ এইটো কি ৰূপ মাঁ? মইতো তোমাৰেই অংশ। তোমাৰ ভৰসাতেই এই জগত খনলৈ আহিছিলোঁ। মোৰ কণমানি দেহাটো চাই তোমাৰ অকণো বুকু কঁপি নুঠিলনে??তোমাৰ অকণো চকু সেমেকি নগলনে??? মই তোমাৰ কি অনিষ্ট কৰিছিলোঁ মাঁ?? যে তুমি মোক হত্যা কৰিবলৈ অকণো কুন্ঠাবোধ নকৰিলা !! হয় মই তোমাৰ অবৈধ সম্পৰ্কৰ ফল , যদিও মোৰ বাবে তুমিতো অবৈধ নাছিলা। তোমাৰ গৰ্ভতে ন মাহ থাকি তোমাৰ আৰু মোৰ মাজত যি সম্পৰ্ক গঢ়ি উঠিছিল সেয়া কি অবৈধ??? কদাপিও অবৈধ হব নোৱাৰে। তুমি মোক পুতি থোৱা বালিত মোৰ উশাহ লবলৈ বৰ কষ্ট হৈছিল । কাতৰত কান্দিবও নোৱাৰিছিলোঁ। মই তোমাক বিচাৰিছিলোঁ মাঁ। কিন্তু তোমাৰ নিষ্ঠুৰতাই মোৰ কোমল দেহাটিৰ ওপৰত কৰুণাৰ এটা টোপাল সৰিব নিদিলে। মই নিঃসহায় হৈ পৰিছিলোঁ। সেইবাবে স্বয়ং প্ৰভু ঈশ্বৰে মেকুৰী ৰূপত আহি মোৰ প্ৰাণ ৰক্ষা কৰিলে।এইয়া মোৰ পুনৰ জনম।মোৰ মাতৃ হবলৈ বহুতে ওলাই আহিছে। হে প্ৰভু!! আৰু কোনো যাতে তোমাৰ নিৰ্মমতাৰ বলি নহওক!

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *