বুকুত বেদনাসিক্ত
এবুকু দুখ লৈ
আশা বোৰ
শুকান মৰহা পাতৰ দৰে
মৰহি যাৱ ধৰিছে।
শাওনৰ পথাৰত বোকা পানীৰ
পলস পেলোৱা দি
বুকুত বেদনাৰ পৰশ পৰিছে।
কলিজাৰ কুঁহে কুঁহে
কেঁচা তেজৰ চেকুৰা বোৰ
গোট মাৰি ক’লা পৰিব ধৰিছে।
দুচকুৰ অশ্ৰুৰ টোপাল বোৰ
অৰ্হনিশে বৈ
দুগালত ক’লা দাগ বহিছে।
নীৰৱে পিৰালি চুকত বহি
এতিয়া ভাবোন্মত মই।
কিদৰে বিছাৰি পাম,
মোৰ আশাৰ ঠিকনা!
হেঁপাহৰ ৰঙীল সপোন
সোনালী দিনৰ বতৰা।