হে নাৰী তুমি অনন্যা

হে নাৰী তুমি
ধৈৰ্য্যৰ এক অবিচল শৃংগ!
ত্যাগৰো বিশেষ আকৰ্ষণ;
ৰূপেৰে তুমি জগতৰ দীপ্তি;
সাহসেৰেও অদ্বিতীয় বীৰাঙ্গণা;
তুমিয়ে কনকলতা বৰুৱা
গুলিবিদ্ধ শৰীৰেৰে
মাতৃভূমিৰ ধ্বজা উৰুৱালা;
জয়মতী আই ৰূপেৰে জন্মি
দেশৰ ভৱিষ্যত মঙ্গলেৰে
প্ৰতিটুপি তেজ শত্ৰুক সমৰ্পিলা;
স্বাধীনতা সংগ্ৰামী যুদ্ধা
তুমিয়ে চুচেতা কৃপলানি;
ভূগৰ্ভত সুৰঙ্গ খান্দি
শত্ৰুপক্ষক বুদ্ধিমত্তাৰ চমক দেখুঁৱালা;
চিপাহী বিদ্ৰোহৰ অনন্যা বীৰাঙ্গনা
তুমিয়ে ৰাধা ও ৰুক্মিণী দেৱী;
বংগ বিভাজন বিৰোধিতা কৰি নিজৰ
শক্তি ও সাহসৰ পৰিচয় দিলা;
তুমিয়ে সৰলাদেৱী চৌধাৰিনী ও
চিষ্টাৰ নিবেদিতা
আত্মনিৰ্ভশীল হোৱাৰ পথ
দেখুওৱা তুমিয়ে বিদেশিনী মহিলা;
ঝাঞ্চিৰ ৰাণী লক্ষ্মীবাইৰ দৰে অদ্বিতীয়
কলাকুশলীৰ শক্তিদায়িনী তুমি নাৰী ৰূপী;
তুমিয়ে ভাৰত ভূমিৰ নাইটিংগেল
সৰোজিনী নাইডু;
মানৱপ্ৰেমেৰে বান্ধিছিলা একতাৰ যাদু;
হেৰাকা আন্দোলনৰ গুৰি ধৰোঁতা
তুমিয়ে ৰাণী গাইদালু
নাগামিছ সকলৰ সাংস্কৃতিক
দিশ ৰাখিছিলা অক্ষুণ্ণ;
সিন্ধু তাইৰ দৰে অভিনৱ
জীৱনাদৰ্শৰ অধিকাৰিনী তুমি
মাতৃত্বৰ মৰমেৰে গঢ়িলা অনেক আত্মনিৰ্ভৰশীল জীৱন;
হে নাৰী তুমি যুগ শ্ৰষ্টা
যুগে যুগে বন্দিতা
সৃষ্টিকৰ্তাৰ এক অভিনৱ পাৰদৰ্শিতা!

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *