সুকুমল হৃদয়ত ওপজে ,
আবেগৰ গভীৰ অনুভৱ।

এদিনো জুখি চাব পৰা নাই,
অনুভৱ কিমান মধুৰ!

সাগৰৰ গভীৰতা ,
কিদৰে জুখিম ,
জুখিব নাজানোঁ‌ আবেগৰ অনুভৱ।

সংজ্ঞা বিচাৰিব নাজানোঁ‌ ,
কিদৰে আছে
একাঁ‌জলি অনুভৱ হিয়াৰ মাজত!

দূৰৈত থাকিলে মই ,
খেপিয়াই বিচাৰোঁ‌ অনুভৱ তোমাৰ,
কিজানিবা ওচৰতে পাওঁ‌।

আবেগে আমনি কৰিলে,
চকুলো নিগৰে মোৰ ,
কাষত বিচাৰো তোমাৰ অনুভৱ।

জানানে ?
অনুভৱ মোৰো আছে ,
আবেগ পুহিছোঁ‌ মই সৰু হৃদয়ত।

আবেগৰ মাজত
অভিমান লৈ বিচাৰোঁ‌ তোমাক।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *