নিয়ৰৰ টোপালৰ দৰে
হেঁপাহৰ আশাবোৰ ,
কচুপাতত ৰৈ নাথাকিল।
Category: কবিতা

শিক্ষাগুৰুৰ জুলুঙা ফুটি
তপতপকৈ বৰষিব জ্ঞানবৃষ্টি
জ্ঞানপিপাসুৱে বুটলিব থপাথপি

শাৰী শাৰী কঁহুৱা ফুলে
শুভ্ৰ বসন পিন্ধি
লয়লাস ভংগীমাৰে
নৃত্য কৰি কৰি
কাৰ অপেক্ষাত বাৰু
সময় কটাইছ?

দুদিনৰ বাবে আহি
ৰৈ আছো মই আজি
মহানগৰৰ মাজ মজিয়াৰ
ব্যস্ত এটা ৰাজ পথৰ দাঁতিত

ধীৰে ধীৰে যোৱা হেৰা,
সময়নাচনীজনী
পিচলৈ চোৱা!
চেৱত চেৱ মিলাই কিমান আৰু নাচিম!

আহাঁনা নতুন বছৰটোত
নতুনকৈ সজাওঁ মৰমবোৰক।
হিয়াৰ আকুল আহ্বানবোৰক।