যিদিনা তুমি,
আহিম বুলি কৈছিলা,
এছাতি মলয়াই,
কাণে কাণে কৈছিল
তুমি অহাৰ বতৰা ।
মোৰ মন হ’ল অনাবিল,
আনন্দত উতলা,
নাচিছে আজি মোৰ
উগুল থুগুল হিয়া ।
সূৰুযৰ সোণখটোৱা
ৰশ্মিয়ে পাতিছে ৰঙৰ মেলা
প্ৰস্তুতি, চলাইছে যে
তোমাক আদৰা ।
থৌকি বাথৌ মনে কয়
পূৰণ হ’ব মোৰ ইচ্ছা
কৰিছিলো মই
তুমি অহাৰ কামনা ।
নৈৰ সোঁতত, মেলি দিলা
তোমাৰ জীৱন দিঙা ।
পাৰি থোৱা আছে,
ৰূপোৱালী বালিৰ দলিচা ।
তাতে বহি কৰিম অপেক্ষা
তুমি আহি মাতিবা অ” প্ৰিয়া ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *