অপূৰ্ব সৌন্দৰ্য্য
নয়ন জুৰোৱা
পক্ষীৰ কাকলিত
সুৰৰ মূৰ্চনা ৷
নীলিম আকাশৰ
মায়াময় স্পৰ্শত চোৱা
উজ্জ্বলি উঠিল
কোমল ঘাঁহনি
হ’ল বাৰেৰহণীয়া ৷
জাক জাক বগলীৰ
এয়াই ৰম্যভূমি ,
শুকুলা ফুল হৈ
আছে যে খেলি৷
নাৱৰীয়াৰ ভতিয়ালী গীতত
স্বৰ্গাৰোহণৰ জাগৰণ
অস্তগামী সূৰুযৰ
অনন্য সুন্দৰ
হেঙুলী ৰহন৷
সৌৱা টনিজালত
ডাঙৰ ৰৌ এটা
আছে চটফটাই ,
মাছমৰীয়াকাই
মনৰ আনন্দত
উঠিল জপিয়াই৷
খোখো কাবাদি
আৰু কতো খেলা
আপোন পাহৰি
খেলি আছে গৰখীয়াই,
কৃষকৰ গৃহাভিমুখী
হেপাঁহৰ গমন
দিনজোৰা পৰিশ্ৰম
কান্ধত ওলোমাই৷
বিচিত্ৰ ৰূপৰেখাৰ
মহামিলন ভূমি
অশান্ত মনৰ প্ৰশান্তিৰ স্থল
এই নৈ পাৰ৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *