সদ্যস্নাতা তোমাৰ
দেহৰ সুবাসত
বিচাৰো মাথো
কোমলতাৰ সুঘ্ৰাণ।

বৈ পৰা চুলিটাৰিত
হাতৰ পৰশেৰে
বিচাৰিছো এক
মধু সিঁহৰণ।

লাজুকি চকুৰ ভাষাত
বিচাৰি ফুৰিছোঁ
প্ৰেমাকুলতাৰ
আহ্বান ।

মৃদুকম্পিত ওঠত
আঁকিব বিচাৰিছো
মৰমৰ এটি
নিমজ চুম্বন ।

নি:শব্দ দুভৰিৰ
খোজত বিচাৰো
তোমাৰ প্ৰেমানুভুতিৰ
আকুলতা ।

য’ত নিহিত আছে
সঁচা প্ৰেমৰ আঁকৰ
মৰমৰ আৱেশ ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *