ধীৰে ধীৰে যোৱা হেৰা,
সময়নাচনীজনী
পিচলৈ চোৱা!
চেৱত চেৱ মিলাই কিমান আৰু নাচিম!
থমকি ৰোৱা হেৰা
নাচনী মোৰ
ধীৰে ধীৰে যোৱা!
কৰ্মৰ তালিকাও যে বহু দীঘলীয়া;
বয়সেও বাৰে বাৰে তাকেহে সুৱঁৰাই;
লাহে লাহে গীত জুৰা হেৰা
সময় গীতিকাৰ;
কেনেকৈনো গীত জুৰিম বাৰু
তোমাৰ সুৰত সুৰ মিলাই!
তাকৰীয়া জীৱনত প্ৰতিপল
সময়েই বাট দেখুৱাই;
প্ৰাপ্যৰ হিচাপ লও ৰবা
হেৰা সময়বন্ধু!
প্ৰতিদানৰ মূল্য উঠাবৰো যে
আছে বহু!
থমকি ৰোৱা হেৰা সময়বন্ধু থমকি ৰোৱা!
জন্মিয়ে সঙ্গ দিলা
আজীৱন বন্ধুত্বৰ প্ৰতিশ্ৰুতিৰে;
জীৱনৰ গতিত পথ দেখুৱালা
হাঁহি কান্দোনৰ নাটকেৰে!
নাটকৰো সামৰণি পৰিব!
সময়বন্ধুত্বৰো এনাজৰি চিঙিব!
দুয়ো দুয়োৰে বাবে
অন্তিমটো গীত জুৰিব!
ধীৰে ধীৰে যোৱা হেৰা বন্ধু ,
সময় যে তাকৰ!
দিবলৈ, থবলৈ যে আছে আৰু
অলেখ অপাৰ!
লাহে লাহে যোৱা সময়বন্ধু
লাহে লাহে যোৱা!

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *