দুদিনৰ বাবে আহি
ৰৈ আছো মই আজি
মহানগৰৰ মাজ মজিয়াৰ
ব্যস্ত এটা ৰাজ পথৰ দাঁতিত

দুচকুত
উন্মত্ত উন্মূক্ত বাস্তৱ
কিযে আশ্চৰ্য তান্ডৱ

উলঙ্গ সভ্যতাই উদন্দ কৰা সময়ৰ
উৎকত উৎপাত

উলঙ্ঘনৰ উত্তাল উত্তৰণ
ধুসৰ ধুসৰ ভৱিষ্যত
বিধ্বস্ত সঞ্জাত

পোহৰৰ আবিৰ সনা আন্ধাৰৰ সাম্ৰাজ্য এইখন
সীমাচেৰোৱা অশ্লীলতা
পদে পদে ভয় সন্ত্ৰাস বিভ্ৰাট
ছদ্মৱেশী ভিক্ষাৰীৰ উৎপাত

মানুহে মানুহৰ বাবে ভাৱিবলৈ
কাৰোৱেই সময় নাই ইয়াত

অত্যাধুনিক সভ্যতাৰ কিযে
অত্যাধিক অবাধ অপ্ৰতিৰোধ্য অত্যাচাৰ

অসহ্য উন্মূক্ত উন্মত্ত আশ্চৰ্য
পোহৰৰ বুকুত আন্ধাৰে ঢকা
চাতুৰ্যচালিত বাস্তৱ বিভ্ৰাট

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *