বৈচিত্ৰময় পৃথিৱীৰ
বৈচিত্ৰময় জীৱনৰ
নানা ৰঙী বিচিত্ৰতাই
মানৱক কৰি তোলে
বিচিত্ৰ অভিনয়ৰ
একো একোজন
সফল অভিনেতা|
যাৰ যি মন যায়
সেই অভিনয়েৰে
সজায় তুলিব পাৰে
নিজৰ জীৱন|
জীৱনৰ ৰঙ্গমঞ্চত
নিজ নিজ অভিনয়েৰে
কোনোবা হৈ পৰে
দুৰ্যোধন,
কোনোবাই শকুনিৰ
অভিনয়েৰে ৰচনা কৰিব
পাৰে
নিজ অভিষ্টসিদ্ধিৰ
ৰঙীন নাটক|
মিছা-বেশ্যাৰ সংলাপ ৰচি ৰচি
সৃষ্টি কৰে কৰ্ণৰ জীৱন|
ডাষ্টবীনৰ পৰা ভাঁহি আহে
জীৱন্ত শিশুৰ কৰুণ ক্ৰন্দন|
কুকুৰ-শিয়ালে ভক্ষণ কৰে
সদ্যজাতকৰ কোমল শৰীৰ|
নিৰাপত্তাহীনতাত ভোগে নাৰী,
দুৰ্ব্বলীজন।
ক্ষমতালিপ্সুৰ স্বৈৰাস্বাৰীতাৰ সীমা
বাঢ়ি বাঢ়ি গৈ
দুৰ্বহ হৈ পৰে নিৰীহলোকৰ জীৱন|
শান্ত-শিষ্ট অভিনেতা হৈ পৰে
পৰৰ পদলেহন|
মৰাক মাৰি খোৱাৰ
খিয়লীয়া সংস্কৃতি গঢ়ি উঠে
সৰ্বস্তৰৰ চুকে-কোণে|
সহায় কৰাৰ মানসিকতা হেৰাই গ’ল
বৈচিত্ৰময় পৃথিৱীৰ বুকুত|

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *