সৰুতে হেৰাই যায়
মোৰ আশাৰ সপোন
নহয় মোৰ মন উতলা ফাগুন
পলাশ ৰঙীন নহওঁ মই
হ’ব নোৱাাৰো কাৰো আপোন
মনস্তাপে কপাই তোলে মোৰ বুকু
ওলাই মোৰ দুধাৰী চকুলো
মনচ্ছক্ষুৰ অতীত, মাৰ মুখখনো
মনত নপৰে দেখোন।
সৰুতে হেৰুৱালো মাৰ মৰমকনো।

আজি মই উদ্বিগ্ন, আতংকিত
নৰিয়া পিতৃ মোৰ শয্যাগত
কেতিয়াবা মোৰ ভয় হয়, শংকা হয়
মই আবেগত ফাটি পৰো
হ’ব নেকি হঠাৎ কিবা অথন্তৰ
তথাপিও বিচলিত নহওঁ মই
মোৰ জীৱন সংগ্ৰামত।

আজি তিক্ততাৰে ভৰা মোৰ জীৱন
জীৱনটোৱেই এখন বিৰামহীন অনুক্ত সংগ্ৰাম
চলি আছে মোৰ জীৱনত অবিৰাম।
মোৰ আজি জিৰণি লোৱাৰ সময় নাই
মই অবিশ্ৰান্ত।
মই ভাগৰ অনুভৱ কৰা নাই,
মই অক্লান্ত।
চাৰিওফালে দেখিছো কেৱল জঞ্জাল
মোৰ জীৱনক লৈ কৰিছো সংগ্ৰাম
কোনেও নিদিয়ে যে প্ৰতিবিধান।
এমুঠি অন্নৰ বাবে, এসাজ কাপোৰৰ বাবে
কেৱল কৰি গৈছো সংগ্ৰাম।
মোৰ দুই হাত, দুই ভৰি নহয় পৰিশ্ৰান্ত
দিনৰ দিনটো কৰ্ম কৰি,
পাওঁ অলপ শ্ৰমৰ মূল্য।
সংগ্ৰাম কৰাই হৈ পৰিছে মোৰ লক্ষ্য।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *