মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

একশৰণ ভক্তিধৰ্মৰ প্ৰচাৰক
অসমীয়া নাট্যকলাৰ জন্মদাতা,
অসমীয়া জাতি-সাহিত্য
আৰু কৃষ্টি-সংস্কৃতিৰ নিৰ্মাতা।

বিধিৰ বিপাকত সৰুকালতে
ঘটে পিতৃ-মাতৃৰ বিয়োগ ,
তেওঁৰ লালন-পালনত
বুঢ়ীমাক খেৰসুঁতিৰ মনোযোগ ।

পঢ়াত নাছিল বাল্যকালত
বৰ বিশেষ ধাউতি ,
মহেন্দ্ৰ কন্দলিৰ টোলত
জীৱনযাত্ৰাৰ সুদিশত গতি।

অ-আ ক-খ ৰে
বিদ্যা আৰম্ভ কৰে ,
“কৰতল কমল” ৰচনা কৰি
সকলোকে অভিভূত কৰে।

সমগ্ৰ ভাৰতবৰ্ষত
শংকৰদেৱৰ তীৰ্থ ভ্ৰমণ,
ভক্তি ধৰ্ম প্ৰচাৰত
বলি বিধান হয় দমন।

সকলোকে কৰে একত্ৰিত
ভিন্ন ধৰ্মীয় বিশ্বাস ,
সৰ্বোত্তম ধর্মীয় পন্থা
ভক্তি ধৰ্মৰ আশ্বাস।

অসমৰ চিৰস্মৰণীয়
শংকৰ-মাধৱৰ মিলন,
অসমবাসীৰ বুকুত
ঢৌৰূপী ভক্তি আন্দোলন।

অভিন্ন-অতুলনীয়
এয়া মণি-কাঞ্চন সংযোগ,
অসমৰ সামাজিক জীৱনত
এটি নৱ-দিগন্তৰ যোগ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *