জুইফুল খেদি খেদি জুইৰ আৱেষ্টনিত হেৰাই গ’ল
শৈশৱ,কৈশোৰ,যৌৱনৰ জুইফুলীয়া সপোন।
মেটেকাবুলীয়া আবেলি এটাৰ সুঘ্ৰাণ সাৱটি
গধুলিটো ঘনঘোৰ তমসাত বুৰ গ’ল।
হেৰোৱা সুবাস এটি আঁচলত বান্ধি
কংক্ৰীটৰ শেলুৱৈডৰা গাভৰু হ’ল,
সেমেকা গোন্ধ এটি বুকুলৈকে উজাই টানি
গাঁওখন চহৰলৈ ঢাপলি মেলিলে।
বাট হেৰুওৱা হেঁপাহবোৰ থমকি ৰৈ গ’ল
কণমানি আশা এটিয়ে জিৰণি ল’লে
পথৰ দাঁতিৰ পাৰ উপচা ডাষ্টবিনৰ কোলাত।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *