১
যাৰ বাবে মই
সৃষ্টিকৰ্ত্তাৰ সৃষ্টি
মানৱৰ ৰূপ লৈ এই
ধৰাত উমলিছোঁ
তেৱেঁ মোৰ বন্দিত মৰমৰ মা।
২
যাৰ বাবে মই
বিশ্ব ভুৱনৰ পঞ্চতত্ত্বৰ ৰূপ
অগ্নি,জল,বায়ু,ধৰা,আকাশৰ
সৌন্দৰ্য্যক ভোগ কৰিব পাৰিছোঁ
তেৱেঁ মোৰ বন্দিত মৰমৰ মা।
৩
যাৰ বাবে মই
প্ৰতিটো ঋতুৰ
প্ৰতিটো ক্ষণ
দৰ্শন কৰিছোঁ
তেৱেঁ মোৰ বন্দিত মৰমৰ মা।
৪
যাৰ বাবে মই
পোহৰ এন্ধাৰৰ
হৃদয়গ্ৰাহী ৰূপ পূৰ্ণিমা-আঁউসী
উপভোগ কৰিলোঁ
তেৱেঁ মোৰ বন্দিত মৰমৰ মা।
৫
যাৰ বাবে মই
এই বসুধাৰ মায়াপী
মানৱৰ লগত জীৱনৰ
ত্ৰিছ টি বসন্ত ওমলিলোঁ
তেৱেঁ মোৰ বন্দিত মৰমৰ মা।
৬
যাৰ বাবে মই
মোৰ জীৱনৰ শৈশৱ,
কৈশোৰ আৰু যৌৱনতাক
হৃদয়ঙ্গম কৰিলোঁ
তেৱেঁ মোৰ বন্দিত মৰমৰ মা।