নিয়ৰৰ টোপালৰ দৰে
হেঁপাহৰ আবিৰ সনা আশাবোৰ,
কচুপাতত ৰৈ নাথাকিল।
ওৰে নিশাটো উজাগৰে ৰ’লো
অসহায় জোনটিৰ দৰে
নিঠৰ ,নিৰৱ,নিস্তব্ধতাৰে।

নিয়ৰৰ টোপালৰ দৰে
হেঁপাহৰ আবিৰ সনা আশাবোৰ,
কচুপাতত ৰৈ নাথাকিল।
ওৰে নিশাটো উজাগৰে ৰ’লো
অসহায় জোনটিৰ দৰে
নিঠৰ ,নিৰৱ,নিস্তব্ধতাৰে।
মোৰ অনুভৱৰ দলিচালৈ
তুমি মন গ’লেই আহিবা।
আহিনৰ গেৰুউলি ধানৰ সুবাসে ভৰা
মোৰ শেৱালী ফুলৰ দলিচা।
মই এজন পথিক
ঘূৰণীয়া পৃথিৱীত ঘূৰো মই
দিনে ৰাতি,
মই পথাচাৰী
তুমি আছা দূৰে দূৰে,
মোৰ হৃদয়েখনে, উচুপে
তোমাক বিচাৰে বাৰে বাৰে
নিৰৱে বাট চাই ৰৈ আছো
তুমি অহাৰ আশাৰে।
ধেমাজি বুলিলেই নাভাবিব
কেৱল বাৰ মাহে বানত ডুবি থাকে,
নাভাবিব কোনো ঐতিহাসিক ঠাই নাই বুলি
আন আন ঠাইবোৰ চাবলৈ যোৱাৰ দৰে
আহিবচোন এবাৰ
প্ৰেমৰ ফুল ৰুইছিলোঁ বুকুত,
মৰমৰ ফুল ফুলিল
কাঁইটিয়া গোলাপ হৈ,
এতিয়া মোৰ বুকুতে বিন্ধে,
প্ৰতিক্ষণে প্ৰতিপলে।