মোৰ অনুভৱৰ দলিচালৈ
তুমি মন গ’লেই আহিবা।
আহিনৰ গেৰুউলি ধানৰ সুবাসে ভৰা
মোৰ শেৱালী ফুলৰ দলিচা।
কহুৱা কোমল হাঁহিলৈ
তুমি মন গ’লে ই আহিবা।
শব্দৰ ভৰত দোঁখাই আছে
মোৰ পূৰ্ণিমাৰ শাৰদী জোনাক নিশা।
নেলাগে মানিব কৰো’না প্ৰোটোকল ।
মোৰ অনুভৱৰ দলিচালৈ
তুমি মন গ’লেই আহিবা।
বছৰে বাগৰ সলাইছে
কভিদ ঊনৈশে দি যোৱা অভিজ্ঞতাৰে
দুহেজাৰ বিশবৰ্ষত
জীয়াই থকাৰ তাড়নাত
জীৱন কি বুজি পালো।
সাগৰত থাকিও পানী মাজত
এটুপি পিয়াহৰ পানী নেপাওঁ বিচাৰি।
কি দেখা নাই?
গৃহ যুদ্ধৰ আখৰা
মানৱৰ মাজত দানৱৰ কিৰিলি
বাটে ঘাটে কেঁচা তেজৰ চেকুৰা।
তুমি আহিবা নতুন আশাৰে
জীৱন জীনাৰ মানৱতাৰ বাটেৰে ।
মোৰ অনুভৱৰ দলিচাত
শান্তিৰ কোলাত
দুয়ো অকনমান টুপনি যাম।
আকৌ নতুন প্ৰভাতে
এন্ধাৰ খেদি পোহৰাই তুলিব।
তুমি মন গ’লে ই আহিবা
শীতৰ কুঁৱলীৰ ওৰণি ফালি
ঢালি দিবা ফাগুনৰ হালধীয়া ৰ’দালি।
