তুমি আছা দূৰে দূৰে,
মোৰ হৃদয়েখনে, উচুপে
তোমাক বিচাৰে বাৰে বাৰে
নিৰৱে বাট চাই ৰৈ আছো
তুমি অহাৰ আশাৰে।
মোৰ মনৰ নিভাজ কোণত
সাঁচি ৰখা তোমাৰ প্ৰতিচ্ছবিয়ে,
মোৰ মন আজি ব্যাকুল কৰে।
তোমাৰ ছবিখনে কথা কয়,
তুমি মোৰ ওচৰলৈ
আহিবা নেকি চকুৰ পলকতে?
চকুত চকু থৈ, চাৰি চকু মিলন হৈ
কিমান কথা পাতিম আমি যে।
তোমাৰ হাঁহি থকা মুখখনে কথা কয়
এবাৰ তুমি আহিবা নেকি?
মোক মৰম দিবলৈ,
আঁকোৱালি ল’বা এসাগৰ মৰমে।
তুমি আজি মোক বান্ধি ৰাখিছা
তোমাৰ উমাল বুকুৰ মাজত
মৰমৰ ঢল বোৱাবলৈ অহনিৰ্শে।
তথাপিও তুমি আহিব, নোঁৱাৰা যে
মোৰ কাষলে, সেউজীয়াবোৰ বিলাবলে
তুমি আছা যে দূৰে দূৰে।
আজি মোক বাৰুকৈয়ে আমনি কৰে
স্বপ্ন সমাহিত অবুজ আবেগে।
লগ পোৱা নোপোৱাৰ ভাৱনাত
মোক আগুৰি ধৰে মনস্তাপে।
বাটচাই ৰৈ আছো অধীৰ আগ্ৰহেৰে,
তোমাক লগ পোৱাৰ আশাৰে।