তুমি কান্দিছা, কান্দা
চকুপানী শেষ নোহোৱালৈকে
কান্দিয়েই থাকে।

তুমি কান্দিছা, কান্দা
চকুপানী শেষ নোহোৱালৈকে
কান্দিয়েই থাকে।
ফাগুনৰ বলীয়া পছোৱা ঐ, ক’লৈ যোৱা ।
লঠঙা গছৰ তলত ৰই আমনি লাগিছে,
যাওঁতে ল’গ পালে কৈ যাৱা
প্ৰিয়তমাক কথাটি।
যোৱাটো ব’হাগত
বিহুৱান খনৰ
মাজত সুমাই দিয়া
ৰঙা গোলাপ পাহী
সাঁচি ৰাখিছো সযতনে।
আকৌ এবাৰ
ফাগুন আহিছে,
মদাৰ ফুলিছে
গছে গছে।
ওৰে ৰাতি সাৰে
কৰোঁ শিৱৰ উপাসনা,
হৰ হৰ মহাদেৱ
আজীৱন শিৱৰ আৰাধনা।
তোমাৰ কণ বিচ্ছেদত
বৃদ্ধি বুকুৰ ধপধপনি,
ৰিক্ত সময়ৰ সোঁতত
ৰিক্ত হিয়াৰ উচুপনি।
নাৰী মই
মাতৃত্বৰ ভ্ৰুণ এস্তমান ৰূপহী
বাসন্তীৰ বিন্দুজ্যোতি
গতি মোৰ জগত জোঁকাৰি
নিত্য নতুন যশস্যাৰ অনুৰাধা