অনুৰাধা,
নভোমণ্ডলৰ সপ্তদশ
এটি নক্ষত্ৰ তুমি!
কোমল সিদ্ধ তুমি এটি উশাহ:

সেই উশাহৰ বুকুতে মই,
তোমাৰ ওঁঠত উশাহ লৈ আছো
তুমি এৰি দিয়া নিশ্বাস-

তুমিতো জানাই!

তুমি একেই নিশ্বাসত মোৰ বুকুত খুপি খুপি
মেৰিয়াই ল’লা এটি মিঠা জোনাক হৈ

সুখ-দুখ তোমাৰ মোৰ যেন আজন্ম লগৰীয়া-
ঘৃণা -অপবাদও যেন ভগৱানেৰেই দান!

নিৰংকুশ তুমি মই!

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *