চাৰিদিন আগত অজয়ৰ মানিবেগটো চুৰি হ’ল ৷ বেগটোৰ লগতে ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড , ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু নগদ পাঁচ হাজাৰ টকাৰ গ’ল ৷ ইফালে পত্নী জয়াক অহা ৰবিবাৰৰ দিনা এপলো হাস্পতালত ভৰ্তি কৰাব লাগে ৷ জৰুৰীকালীন পেটৰ অপাৰেচন এটা কৰাব লাগে ৷ এপল’ হাস্পাতালৰ ডা: জৈনৰ পৰা অপাৰেচনৰ তাৰিখ পোৱাটোৱেই বহুত ডাঙৰ কথা গতিকে সি পোৱা সুযোগকন হেৰুৱাব নুখুজিলে ৷ বন্ধু ৰাজাৰ পৰা অলপ নগদ টকা লৈ কামবোৰ এফালৰ পৰা চিজিল কৰিব বুলি ভাবি গাড়ীখনৰ ষ্টিয়াৰিংত হাত দিয়েই গম পালে আগচকা দুয়োটাই পাঙ্কচাৰ হৈ আছে ৷ টেক্সি এখনকে ধৰি অজয় কোনোমতে অফিচ পালেহি ৷ টেবুলত ৰখা লেফাফাটো খুলি জীয়েক জীতাৰ স্কুলৰ পৰা গোহাৰি খন পঢ়ি চকু থৰ লাগিল ৷ তিনি দিনৰ ভিতৰত জীতাৰ স্কুল বদলিৰ প্ৰমাণ পত্ৰ খন জমা দিব লাগে ৷ কৰোণা মহামাৰীৰ সময়তে কলিকতাৰ পৰা দিল্লীলৈ গুছি অহাৰ পাছতেই বিদ্যালয়ৰ কাৰ্য্যালয় বন্ধ থকাৰ বাবে জমা দিয়া নহ’ল ৷ ততাতৈয়াকৈ অফিচৰ পৰা ঘৰলৈ আহি বহুত বিচাৰ খোচাৰ কৰিও প্ৰমাণ পত্ৰখন নাপাই অজয় বিমোৰত পৰিল ৷ সকলো সমস্যাই একলগে জুমুৰি দি ধৰাত সি উপায়ান্তৰ হৈ পৰিল ৷ ইতিমধ্যেই চাৰিটা বাজিলেই, স্কুল লৈ গৈও একো লাভ নহ’ব ৷ পোনতেই সি পুলিচ চকীত গৈ এখন আবেদন দি অহাটোৱেই উচিত হ’ব বুলি প্ৰতিবেশীৰ পৰা ঠিকনাটো বুজি থানালৈ বুলি খোজ দিলে ৷
থানা অধীক্ষক জনৰ লগত আলোচনা হৈ থানাৰ বাৰাণ্ডাত থকা টেবুলখনতে আবেদন খন লিখি থাকোতে এহাল দুখীয়া বুঢ়াঁ-বুঢ়ীঁয়ে হিন্দীতে পতা কথা-বতৰা তাৰ কানত পৰিল ৷ কথাৰ পৰা সি বুজিব পাৰিলে বুঢ়াঁ-বুঢ়ীঁৰ এটা লৰা হাস্পাতালত মৃত্যুৰ সতে যুঁজি আছে আৰু আনটো লৰাক কোনোবাই মিথ্যা প্ৰৰোচনাৰে দোষী সজাই লক্ আপত সুমুৱাইছে ৷ সমস্যাৰে জৰ্জৰিত অসহায় অন্ধ বৃদ্ধই ভগৱানে এই বয়সত কিয় কষ্ট দিছে বুলি নিজৰ কপালকে ধিক্কাৰ দিলে ৷ স্বামীক প্ৰবোধ দি বুঢ়ীয়ে সৰল ভাবে কলে, পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰ নিজে ভগৱান আছিল ৷ তেওঁৰ সোঁৱৰণীখনৰ জন্মচক্রত নৱগ্ৰহ নিজ স্থানত সঞ্চাৰ হৈ পূৰ্ণ দৃষ্টি প্ৰদান কৰিছিল ৷ কিন্ত সেই ভগৱানেই জীৱনৰ আধাতকৈ বেছি সময় দুখ কষ্ট খাবলগীয়া হৈছিল ৷ যুবৰাজ হৈ নব বিবাহিতা পত্নীৰ সতে জংগলত কটাব লগা হল, অসুৰ দানবৰ লগত যুদ্ধ কৰিব লগা হ’ল, যিজনী পত্নীৰ কাৰণে মহাযুজ দিব লগা হৈছিল তেওঁকেই ত্যাগ দিব লগা হ’ল, নিজে মহাৰাজ হৈ অট্টালিকাত থাকোতেই সন্তান ঋষিৰ কুটীৰত জন্ম হ’ব লগীয়া হ’ল ৷ গতিকে আমি নৰমনিচ কোন কুটা ৷ দুখ কৰি লাভ নাই ৷ সমস্যা আহিলেই যেতিয়া নপলাই যুজঁ দিয়াৰ অন্যথা নাই ৷
বৃদ্ধাৰ কথাখিনিয়ে অজয়ৰ হৃদয়ত এক অফুৰন্ত উদ্যম সঞ্চাৰিত কৰি পেলালে ৷ বুঢ়াঁ-বুঢ়ীঁৰ জলন্ত সমস্যাৰ প্ৰত্যাহ্বানৰ তুলনাত তাৰ সমস্যাবোৰ নিচেই নগন্যবোধ হ’ল ৷ একেলগে আগুৰিধৰা সমস্যাবোৰ সাহসেৰে সমুখীন হ’বলৈ এক দৃঢ় মনোবল লৈ অজয়ে আবেদন খন জমা দিবলৈ থানা অধীক্ষকৰ কাৰ্য্যালয়লৈ সোমাই গ’ল ৷