কাঠচুৰিৰ অপৰাধত ছমাহ জেলৰ ভাত খাই দেবেন আজি সদৰৰ পৰা গাওঁ পালেহি ৷ লাজে আৰু অপমানত সি দিনটো ঘৰৰ ভিতৰতে সোমাই আছিল ৷ সন্ধিয়া চকা ডুবাৰ কিছুসময়ৰ পাছতেই তাহাঁতৰ পুৰণি আড্ডাৰ চাৰি পান্ডৱ আহি দেবেনৰ ঘৰত হাজিৰ হ’ল ৷ দেবেন, জীৱন, খৰ্গেই, বেনু আৰু কীৰতি পাচোঁজনৰ সৰুৰে পৰা মিলাপ্ৰীতি দেখি গঞাই তাহাঁতক পাছ পান্ডৱ বুলি মাতিছিল ৷
পাছে এসময়ৰ বুকুৰ কুটুম কেইজনক দেখি বিতৃষ্ণাত দেবেনৰ নাক কোঁচ খাই আহিল ৷ তথাপিও সি সৌজন্যতাৰ খাতিৰত তাহাঁতক বহিব দিলে ৷ তাৰ লগত তাহাঁতে ইটো সিটো কথা পতাৰ পাছতেই বেনুৱে গল খেকাৰি মাৰি আৰম্ভ কৰিলে, বোলো যি হোৱাৰ আছিল হ’ল ৷ আমি এটা বেলেগ কাম আৰম্ভ কৰিছো ৷ তোকো আমি অংশীদাৰ কৰিব বিচাৰো ৷
কথাৰ মাজতে হঠাত বেনুক বাধা দি দেবেনে কলে, ছমাহ কাৰাবাসত থাকোতে জেলত এখন কিতাপ পঢ়িছিলো ৷ দেবেনৰ কথাষাৰ শুনি চাৰিওটাই অবাক হৈ তাৰ ফালে চকু ডাঙৰ কৰি চালে ৷ কিন্ত দেবেনে তাহাঁতক ভ্ৰুক্ষেপ নকৰি কৈ গ’ল, ১২8০ খ্ৰীষ্টাব্দত এবাৰ চীন দেশৰ নৌসেনাই জাপানক চাৰিও ফালৰ পৰা আগুৰি ধৰি আক্ৰমণৰ কাৰণে উদ্ধত হৈ পৰিছিল ৷ কিন্ত চীনা সৈন্যৰ আক্ৰমণৰ আগতেই এজাক টাইফুন ধুমুহাই জাপানৰ পোতাশ্ৰয়ৰ লগতে কাষৰীয়া বৰ্তী এলেক সমূহৰ বিস্তৰ ক্ষতিসাধন কৰি পেলালে লগতে চীনা সৈন্যইয়ো ছত্ৰভঙ্গ দিলে ৷ ধুমুহা জাকে জাপানৰ বিস্তৰ ক্ষতি সাধন কৰিলে যদিও চীনা সৈন্যৰ অভাৱনীয় আক্ৰমণৰ পৰা ৰক্ষা পৰিল ৷ জাপানী সকলে সেই টাইফুন ধুমুহা জাকক আজিও পবিত্ৰ বতাহ মানে কামাকাজি বুলি শ্মৰণ কৰে ৷
কাঠৰ কাৰবাৰখন যে দৰাচলতে বেআইনী আছিল তহঁতে মোক এবাৰো গমেই পাব নিদিলি ৷ কাৰণ তহঁতেও জানিছিলি যে বেআইনী বুলি গম পালে মই কাহানিও সেই কামত হাত নিদিলো হেতেন ৷ আৰু মোৰ অবিহনে তহঁতে কাঠৰ কুন্ডা বিক্রী কৰা অনুমতি নেপালি হেতেন৷ জীৱনত বহুত দুষ্টামি হে কৰিলো কিন্ত অপৰাধ কৰা নাছিলো ৷ ভগৱানে এইবাৰলৈ ইমানতেই বচালে ৷ লগতে আগন্তুক সময়ৰ কাৰণে সতৰ্ক কৰিও গ’ল৷
পাৰ হৈ যোৱা ধুমুহা জাকে মোৰ জীৱনবৃক্ষৰ ডাল পাত সৰুৱাই গল যদিও ঘাই শিপাডাল উভালি নোৱাৰিলে ৷ এই ধুমুহা জাকো আছলতে মোৰ জীৱনৰ শ্মৰণীয় কামাকাজি৷

দেবেনৰ মুখৰ কথাখিনি শুনি তাৰ এসময়ৰ বুকুৰ কুটুম চাৰিও পান্ডৱ সুৰসুৰাই বহাৰ পৰা উঠি গুছি গ’ল৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *