বাংগালোৰ চহৰৰ বেল ৰোডৰ ফুটপাথত তেজ এডোঙা আৰু সৰু চেন্ডেল পাত দেখি অৰুনাভৰ বুকুখন মোচৰ খাই গ’ল৷ কালি সি বেল ৰোডলৈ আহোতেই চৰকাৰৰ বিদ্যুত বিভাগে ফুটপাথৰ মাজত থকা লোৰ বিজুলীখুটা কেইটামান কাটি থকা দেখিছিল৷ বিভাগীয় গাফিলতিৰ কাৰণে লোৰ অবশিষ্ট অংশ সমুহ ওলাইয়ে থাকি গ’ল যাৰ ফলত দুৰ্ঘটনাটো ঘটিল বুলি বুজি পালে৷ তাৰ আঙুলিত ধৰি খোজকাঢ়ি থকা জীয়ৰী আঠ বছৰীয়া ৰিদ্ধিৰ কোমল মুখখনলৈ চাই সি কিবা অলপ চিন্তা কৰি ঘৰলৈ উভতি গ’ল ৷ কাষতে নিৰ্মাণৰত এপাৰ্টমেণ্টটোৰ চুপাৰভাইজৰ জনক অনুৰোধ কৰি অলপ শিল, বালি আৰু চিমেণ্টৰ মিশ্ৰণ খুজি আনি ৰিদ্ধিক লগত লৈ পুনৰ সি বেল ৰোড পালে গৈ ৷ ৰিদ্ধিৰ সহায় লৈ সি প্ৰায় পাচটা মান তেনেকৈ লোৰ খুটাৰ অবশিষ্ট ওলাই থকা স্থানত লগত নিয়া কংক্ৰিটৰ মিশ্ৰণেৰে ঢাকি দি বাকী কেইটা কাইলৈ কৰিব বুলি উভতি আহিল৷ বাটৰ পথিকে তাৰ কান্ড-কাৰখানা চাই কিবা কিবি কৈ যোৱাৰ কাৰণে ৰিদ্ধিয়েঅলপ ইতস্ততবোধ কৰিলে ৷ তাইৰ মনৰ ভাবটো বুজিব পাৰি অৰুণাভে তাইক বুজালে, মাজনী আপত্তি দৰ্শোৱাতকৈ কেতিয়াবা কিছুমান আৰ্হি দেখুৱাৰ বেছি প্ৰয়োজন হ’য় ৷ জীৱনত যিকোনো সৎ কামৰে ভূমিকা নিজে লব পৰাটো পৰম সৌভাগ্যৰ কথা ৷
পিছদিনাখন পুৱাই অৰুণাভে কংক্ৰিটৰ মিশ্ৰণ লৈ ৰিদ্ধিৰ লগত বেলৰোড পালেগৈ ৷ কিন্ত এইয়া কি সিহঁত গৈ পোৱাৰ আগতেই দেখোন দহজন মান লৰা-ছোৱালীৰ এটা দলে ইতিমধ্যেই কংক্ৰিটৰ মিশ্ৰণেদি লোৰ অৱশিষ্ট অংশবোৰ ঢকা কাম আৰম্ভ কৰি দিছে৷ স্বভূমিকাই স্বীকৃতি পোৱাৰ আনন্দত অৰুণাভে ৰিদ্ধিৰ সতে লৰা-ছোৱালীৰ দলটোৰ সতে হাতেকামে লাগি গ’ল ৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *