ভাইহঁত জাতিটো নাথাকিব
ভাইহঁত দেশখন বিক্ৰী হব
ভাইহঁত বুজিওঁ নুবুজ কিয়?
ভাইহঁত চলনাত ভোল গলি কিয়?
ভাইহঁত ভাষাওঁ হেৰাই যাব
Author: সাংখ্য অসম
সভ্যতাৰ গৰকা ক্ষৌণীসেউজ পথাৰখনত
নাৰী যদি বিধৱা হয়
ঘিণাৰ পাত্ৰ কিয়?
এক আদি পৰিকল্পিত যোজনা
পৃথিৱীৰ দ্বিপদী গছৰ জীৱনলৈ
সিঁচৰিতি কৰি দিয়া হ’ল,যোজনাৰ ব্লু-প্ৰিন্ট্
মগজুৰ মধ্য কোণত সুমোৱাই দিয়া হ’ল তাৰ সঞ্চিত বীজ-
মোৰ অতিকৈ মৰমৰ তই অৰুন্ধতী –
তই যোজনৰ বাটত ৰৈ আছ!
তোৰ উশাহত শব্দৰ কঠিয়াই মোৰ বুকু চুই যায়-
তই মোৰ মানত এপাহ পাৰিজাত তই জানই নহয়:
পুহ-মাঘৰ সংক্ৰান্তিৰ ক্ষণত ভোগালী আহিলে–
পথৰুৱা নৰা দাই মেজিঘৰ সাজি নিশা লগেভাগে তৃপ্তিৰে খালে মোৰদেশৰ মানুহে
সৃষ্টিৰ গৰ্ভত গৰ্ভৱতী নাৰী তুমি
পুৰুষৰ বাহুৰ বন্ধনত কঠিয়াৰ কোঁহ-
ন-মাহ,দহদিন তোমাৰ গৰ্ভত পুৰঠ হ’য় জীৱন-
যান্ত্ৰনাৰ ছেদ ফালি আকাশ দেখে!
জীৱনটো যেন এক ভেলাঘৰ!
যিদৰে কাঠী-কামি ,তমাল-মাৰলি
খুঁটা বাঁহ দুৱাৰ খেৰ-বেৰ খিড়িকী
ঠিক তেনেদৰেই মানুহৰ কংকাল বা জঁকা
চকু-মুখ নাক-কাণ ,মাংস তেজ ,শিৰা-উপশিৰা