“সময়ে আমাক কবনে”?

পুহ-মাঘৰ সংক্ৰান্তিৰ ক্ষণত ভোগালী আহিলে–
পথৰুৱা নৰা দাই মেজিঘৰ সাজি নিশা লগেভাগে তৃপ্তিৰে খালে মোৰদেশৰ মানুহে–
কোনো আকৌ মদৰ পানীকণ ডিঙিত পেলালে
বজাৰত জুই-চাই দাম মঙহ-মাছৰ–
পিছে আন এচামে চকুলো টুকিলে খবৰ ৰাখিব কোনে?
নিশাটো উলহ-মালহে গ’ল কাউৰী অহাৰ আগতে হুৰহাৰ কৰি গছত ধানখেৰ বান্ধি ভেলাঘৰত পুৱাই
অগ্নি প্ৰজ্বলিতং বন্দে চতুৰবাশনন্ হুতাশন্ সুবৰ্ণমংগলম: জ্যোতিৰূপায়: নমস্তূতে:
অগ্নি সংযোগ কৰি অগ্নিৰ সেৱা জনাই কপালত ফোঁট ল’য়
সমন্বয়ৰ এনাজৰী থকা এই জাতিটো আজি
এই হেৰাই যাওঁ যাওঁ , মাটিভেটি যায়। ভাষা যায়
সম্পদ বিক্ৰী হ’য় কৌশলৰ কুটিল ষড়যন্ত্ৰৰ
কথাৰ সিন্ধুমতি ভণ্ড আদি পাঠৰ বুকুত!
আকাশ এখন হৃদয় দিয়া মোক য’ত প্ৰাণদিব মানুহৰ কল্যাণৰ মন্ত্ৰ!!

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *