তুমি কান্দিছা, কান্দা
চকুপানী শেষ নোহোৱালৈকে
কান্দিয়েই থাকে।
তুমি এদিন কৈছিলা নহয়
মোৰ সুখৰো, দুখৰো আধা
ভাগ তোমি লবা বুলি, লবাই
কিয়নো, তুমি যে মোৰ অৰ্ধাঙ্গিণী।
সেয়ে এতিয়া, কান্দি থাকা,
পুত্ৰৰ মায়ামোহৰ কথা পাহৰিব নোৱাৰি বৃদ্ধাশ্ৰমত
এতিয়া ভালদৰে থাকা।
আমাৰ দৰে মানুহবোৰ
পুত্ৰৰ বাবে এতিয়া
আৱৰ্জনা হৈ পৰিছো
আৰু জাৱৰক যেনেকৈ ডাষ্টবিনত পেলাই থয়
ঠিক একেদৰেই আমকো আজি
আমাৰ মৰমৰ পুত্ৰই
পেলাই থৈ গল বৃদ্ধাশ্ৰমত।
আমাৰ মনবোৰ
বৰ সহজ সৰল আছিল ও
আমি আগতেই এটা বৰ
ডাঙৰ ভুল কৰি পেলাইছো।
সেই তেতিয়াই যদি আমি অনাথআশ্ৰমৰ পৰা
তাক আমাৰ লৰা কৰি নানিলোহৈ
তেতিয়া হওতো আজি আমি
আমাৰ চালেৰে পানী পৰা ঘৰটোত শান্তিৰে
থাকিব পাৰিলোঁহৈ।
আমি তাক অনাথ আশ্ৰমৰ পৰা
তুলি আনি আমাৰ নিজৰ
লৰা বুলি ভাবি ডাঙৰ কৰিলোঁ,
কিন্তু আজি আমি আছো বৃদ্ধাশ্ৰমত ।
যিটো লৰাই সৰুতে বৃদ্ধ
মানুহ দেখিলে ঘৰলৈ মাতি আনিব বিচাৰিছিল,
সেইটো লৰাই আজি নিজৰ মাক দেউতাকক তাৰ ঘৰত দেখিলে খং উঠে।
মই জীৱনটোত বহু ডাঙৰ ভুল কৰিছোঁ
তাক মই
নিজতকৈও বেছি
ভাল পায় ভুল কৰিছোঁ।
তাক মই
বিশ্বাস কৰি ভুল কৰিছো।
তাক মই মৰম
কৰি ভুল কৰিছোঁ।
তাক মই মোৰ
সৰ্বোচ্চ বুলি ভাবি
ভুল কৰিছোঁ।
সেইজনক ভাল পায় কি লাভ,
যিজনে মোৰ ভালপোৱাবোৰকে অৱহেলা কৰিলে।
সেইজনক বিশ্বাস
কৰি কি লাভ,
যিজনে মোৰ সেই বিশ্বাসক
বিশ্বাসঘাটকতা কৰিলে।
সেইজনক মৰম
কৰিনো কি লাভ,
যিজনে মোৰ সেই নিশ্বাৰ্থ
মৰমবোৰৰ মূল্য দিব বিচাৰে।
সেইজন মানুহক নিজৰ
সৰ্বোচ্চ বুলি ভাবি কি লাভ,
যিজনে ওলোটাই মোকেই সন্দেহ কৰে।
দুখ লাগে, নিজকে শেষ কৰি দিবৰ মন যায়,
কিন্তু সকলো বেয়া সমস্যাৰ সমাধান জানো
আত্মহত্যা হয়?
কপাল, কপাল লাগিব
এনেকুৱা এখন বৃদ্ধাশ্ৰমত থাকিবলে কপালত
লিখা থাকিব লাগিব
অনাথআশ্ৰমত থকা লৰাক
যেনেকৈ নিজৰ কৰিবলৈ কপাল লাগে তেনেকৈ বুঢ়া কালত বৃদ্ধাশ্ৰমত থাকিবলৈও
কপালত লিখা থাকিব লাগিব
আমাক টকা পইচা নালাগে ও
মাথোঁ মৰম লাগে মৰম
বুঢ়া কালত আমি একো নাখালেও জীয়াই থাকিম
মাথো অলপ মৰম দিবিচোন।
লৰা ছোৱালীৰ মৰম পালে
বুঢ়া মাকদেউতাকক
আৰু একো নালাগে
শান্তিৰে মৰিব পাৰে।
কোনেনো এতিয়া আমাক
মৰম দিব
সমাজত বাৰু আমাৰ দৰে
মানুহ নাইনে , আমি যেনেকৈ
অনাথআশ্ৰমৰ পৰা তাক আনি মাক দেউতাকৰ
মৰম দিছিলোঁ, আমাৰ দৰে জাৱৰকো
এই বৃদ্ধাশ্ৰমৰ পৰা কোনোবাই তুলি নি
লৰা ছোৱালীৰ মৰম দিবনে?